কলিয়াবৰ, 29 আগষ্ট : ‘কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা’ ৷ সঁচাকৈয়ে মনোমোহা প্ৰকৃতিৰ ভিন্ন ৰঙেৰে জীপাল হৈ থকা কাজিৰঙা ৷ কিন্তু বাৰিষাৰ বানে কাজিৰঙাৰ এক বিপৰীত ছবিহে প্ৰতিফলিত কৰে ৷ উদ্যানখন বানত ডুবাৰ পিছতে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হয় ইয়াৰ জীৱ-জন্তুবোৰৰ মাজত ৷
এইবেলি বাৰিষাৰ প্ৰথমচোৱা সময়ত মাত্ৰা কম আছিল বৰষুণৰ ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত বৰষুণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাত জলস্তৰ বৃদ্ধি পাবলৈ ধৰে ব্ৰহ্মপুত্ৰকে ধৰি আন আন নৈ-উপনৈসমূহৰ ৷ সেয়ে এতিয়া ভদীয়া বানৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য ৷
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱা মানেই ৰাজ্যবাসীলৈ একপ্ৰকাৰৰ অশনি সংকেতৰ আগমন ৷ লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যৰ অধিকাংশ অঞ্চল বুৰাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো স্পৰ্শ কৰিছে লুইতৰ বাঢ়নী পানীয়ে ৷ বলীয়া বানৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাৰে উদ্যানখনৰ জীৱ-জন্তুই ঢাপলি মেলে সমীপতে থকা বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্বি পাহাৰৰ দিশে ৷
কিন্তু প্ৰতিবাৰে উদ্যানখনৰ মাজেৰে পাৰ হোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে একাধিক বন্য জীৱ ৷ এইবেলিও উদ্যানখনৰ কেইবাটাও বন শিবিৰ বুৰ গৈছে বানত ৷ সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ৷