অসম

assam

ETV Bharat / state

ৰূপহীহাটত অবৈধ কাঠফলা মিল উচ্ছেদ - nagaon illegal timber mill

ৰূপহীহাটৰ গেৰেকীত অবৈধভাৱে নুৰুল আমিন নামৰ এজন লোকে বহু দিন ধৰি চলাই আহিছিল এটা কাঠফলা মিল । নগাঁও জিলাৰ বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত বন বিভাগৰ এটা দলে বুধবাৰে মিলটোত অভিযান চলায় । অভিযানত বন বিভাগে অবৈধ মিলটোৰ যন্ত্ৰ-পাতিসমূহ জব্দ কৰে ৷

ৰূপহীহাটত অবৈধ কাঠফলা মিল উচ্ছেদ
ৰূপহীহাটত অবৈধ কাঠফলা মিল উচ্ছেদ

By

Published : May 5, 2021, 5:47 PM IST

ৰূপহীহাট,৫ মে’:ৰাজ্যৰ ভিন্ন স্থানত বন বিভাগৰ অজ্ঞাতে চলি আছে একাংশ অবৈধ কাঠফলা মিল । একাংশ প্ৰান্তত আকৌ বন বিভাগৰ চকুৰ সন্মুখতে একাংশ অসাধু লোকে চলাই গৈছে এই মিলসমূহ । এইবাৰ নগাঁও জিলাৰ বন বিভাগ কঠোৰ হৈছে এনে মিলৰ বিৰুদ্ধে ।

ৰূপহীহাটত অবৈধ কাঠফলা মিল উচ্ছেদ

নগাঁও জিলা বন বিষয়াৰ নেতৃত্বত বুধবাৰে ৰূপহীহাটৰ গেৰেকীত এটা অবৈধ কাঠফলা মিলৰ পৰা বিভিন্ন সামগ্ৰী জব্দ কৰা হয় ৷ ৰূপহীহাটৰ গেৰেকীত অবৈধভাৱে নুৰুল আমিন নামৰ লোকজনে বহু দিন ধৰি চলাই আহিছিল মিলটো । এই খবৰ লাভ কৰাৰ পিছতে নগাঁও জিলাৰ বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত বন বিভাগৰ এটা দলে বুধবাৰে অতৰ্কিতে মিলটোত অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে মিলটোৰ যন্ত্ৰ-পাতিসমূহ জব্দ কৰি মিলটো উচ্ছেদ কৰে ৷

বন বিভাগৰ অতৰ্কিত অভিযান

লগতে পঢ়ক:ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চা ভংগ

ABOUT THE AUTHOR

...view details