কলিয়াবৰ, ২২ অক্টোবৰ : অসমীয়া সংবাদ জগতৰ পিতামহ স্বৰূপ তিলক হাজৰিকাৰ মৃত্যু দিৱসত (Tilak Hazarika death anniversary at Kaliabor) কলিয়াবৰ প্ৰেছ ক্লাবৰ সশ্ৰদ্ধ সোঁৱৰণ (Kaliabor Press Club) । কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট সাংবাদিকগৰাকীৰ সপ্তম মৃত্যু দিৱসত আয়োজন কৰা হয় এখন তৰ্ক প্ৰতিযোগিতা (Tilak Hazarika memorial debate competition) ।
কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ আতিথ্যত শনিবাৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাত কলিয়াবৰ মহকুমাৰ ১০ খন শিক্ষানুষ্ঠানৰ ৪০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে কলিয়াবৰ প্ৰেছ ক্লাবে ।
কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ চলিহাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকি সাংবাদিকগৰাকীৰ কন্যা মঞ্জুৰী বৰাই পিতৃক স্মৰণ কৰাৰ লগতে নৱ-প্ৰজন্মক বৌদ্ধিক ক্ষেত্ৰলৈ আগবঢ়াই অনাৰ বাবে কলিয়াবৰ প্ৰেছ ক্লাবৰ পদক্ষেপৰ শলাগ লয় । উল্লেখযোগ্য যে কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী বৰ্ষ উদ্যাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হৈছে তৰ্ক প্ৰতিযোগিতা ।
উল্লেখ্য, তিলক হাজৰিকা অসমৰ এজন অত্যন্ত সন্মানীয় সাংবাদিক আছিল । তেওঁক সংবাদ জগতৰ মহীৰূহ হিচাবে আখ্যায়িত কৰা হয় । এগৰাকী প্ৰতিশ্ৰুতিবদ্ধ সম্পাদক আৰু হাস্যৰস থকা লেখক, তিলক হাজৰিকাৰ জীৱনটো কলম আৰু কাগজৰ মাজতেই বিচৰণ কৰি আছিল ।