অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা নগাঁৱৰ সাহিত্যিকৰ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজৰ নিজৰ মত পোষণ কৰিছে ৰাজ্যৰ বুদ্ধিজীৱিসকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত শ্বহীদ হোৱা পাঁচজনকৈ লোকক লৈ আৱেগিক হৈ পৰে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা শংকৰী সাহিত্যৰ পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰ ৷ আনহাতে,জাতিধ্বংসী আইনখনক লৈ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকীয়ে ৷ স্বাধীন ভাৰতৰ প্ৰতিটো চৰকাৰেই কেৱল বঞ্চনা আৰু শোষণ কৰি আহিছে অসমক বুলি মন্তব্য বিশিষ্ট সাহিত্যকগৰাকীৰ ৷

Tilakchandra Mazumdar and Upendra Chanra Borkotoky reaction on CAA
‘কা’ সন্দৰ্ভত মন্তব্য তিলকচন্দ্ৰ মজুমদাৰ আৰু উপেন্দ্ৰ বৰকটকীৰ

By

Published : Dec 16, 2019, 7:39 PM IST

নগাঁও,16 ডিচেম্বৰঃ ইতিমধ্যেই আইনত পৰিণত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশৰ সৰ্বত্ৰে অব্যাহত উত্তাল প্ৰতিবাদ ৷ উক্ত জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে নিজৰ নিজৰ মত পোষণ কৰিছে ৰাজ্যৰ বুদ্ধিজীৱিসকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত শ্বহীদ হোৱা পাঁচজনকৈ লোকক লৈ আৱেগিক হৈ পৰে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা শংকৰী সাহিত্যৰ পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰ ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰি অসমৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য প্ৰকাশ কৰে তিলকচন্দ্ৰ মজুমদাৰে ৷ 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ৰ অসম বিক্ৰী কৰিব বিচাৰিছে চৰকাৰে ৷ পূৰ্বেও উচটনিমূলক মন্তব্যৰে অসমীয়া যুৱকক শ্বহীদ কৰা অতুল বৰা,চন্দ্ৰমোহনহতে এতিয়াও অসমীয়া ডেকাক শ্বহীদ কৰিব বিচাৰিছে বুলি কয় অসম আন্দোলনৰ নেতাগৰাকীয়ে ৷

‘কা’ সন্দৰ্ভত মন্তব্য তিলকচন্দ্ৰ মজুমদাৰৰ

আনহাতে,জাতিধ্বংসী আইনখনক লৈ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকীয়ে ৷ স্বাধীন ভাৰতৰ প্ৰতিটো চৰকাৰেই কেৱল বঞ্চনা আৰু শোষণ কৰি আহিছে অসমক ৷ ভাষা বুলি ক’লে মৰিবলৈ সাজু অসমীয়া ৷ যি ভাষাক লৈ অসমত আন্দোলন হৈছিল এতিয়া আইৰ মুখৰ মাত বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা চৰকাৰৰ বিৰুদ্ধেও গঢ়ি উঠিছে অভূতপূৰ্ব আন্দোলন ৷ যি আন্দোলনে চেৰ পেলালে অসম আন্দোলনকো বুলি মন্তব্য প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ জাতিক বিশ্বাসঘাটকতা কৰি চৰকাৰৰ এনে জাতিধ্বংসী কাৰ্যত অগপই হাত উজান দিয়া বুলি মন্তব্য কৰি,‘সময়ে এওঁলোকক ভাল শিক্ষা দিব,এওঁলোক সময়ত খলনায়কতকৈ অধিক নৰাধম হিচাপেহে স্বীকৃতি পাব’ বুলি ব্যক্ত কৰে সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে ৷

‘কা’ সন্দৰ্ভত মন্তব্যউপেন্দ্ৰ বৰকটকীৰ

লগতে পঢ়ক- তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন

ABOUT THE AUTHOR

...view details