বঢ়মপুৰ, 7মে': ৰাজ্যত এটাৰ পিছত যেন আন এটা প্ৰাকৃতিক দুৰ্যোগ ৷ এবাৰ যদি ভূমিকম্পই সমগ্ৰ ৰাজ্যখন জোকাৰি গৈছে আন এবাৰ আকৌ ধুমুহাই কাল ৰূপ ধাৰণ কৰিছে ৷ ক’ভিড মহামাৰীয়ে মানৱ জীৱন দুৰ্বিসহ কৰি ৰখাৰ সময়তে এইবাৰ নগাঁও জিলাৰ কামপুৰৰ পৰা আহিছে আন এক প্ৰাকৃতিক দুৰ্যোগৰ খবৰ ৷
ব্ৰজ্ৰপাতত পশুধনৰ মৃত্যু - কথমপি প্ৰাণ ৰক্ষা
কামপুৰৰ অমৰাৱতীত ব্ৰজ্ৰপাত পৰি প্ৰাণ গল পশুধনৰ ৷ কথমপি প্ৰাণ ৰক্ষা পথাৰত গৰু এৰাল দিবলৈ যোৱা বাবুল স্বেখ নামৰ লোকজনৰ ৷ ব্ৰজ্ৰপাতত ৩০ মিটাৰ পৰ্যন্ত চিটিকি পৰিল গছৰ ঠালঠেঙুলি আৰু ছাল ৷
ব্ৰজ্ৰপাতত পশুধনৰ মৃত্যু
শুকুৰবাৰে কামপুৰৰ অমৰাৱতীত ব্ৰজ্ৰপাত পৰি প্ৰাণ গল পশুধনৰ ৷ কথমপি প্ৰাণ ৰক্ষা পথাৰত গৰু এৰাল দিবলৈ যোৱা বাবুল স্বেখ নামৰ লোকজনৰ ৷ তেতেলীসৰা অমৰাৱতী নিতু ৰাজখোৱা ঘৰত বনকৰা লোক হিচাপে আছিল বাবুল শ্বেখ নামৰ লোকজন ৷ ব্ৰজ্ৰপাতত ৩০ মিটাৰ পৰ্যন্ত চিটিকি পৰিল গছৰ ঠালঠেঙুলি আৰু ছাল ৷
লগতে পঢ়ক :ডিব্ৰুগড়ত 18 ৰ পৰা 44 লোকৰ টীকাকৰণ আৰম্ভ