অসম

assam

ETV Bharat / state

চূড়ান্ত ৰায়ৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰ

চূড়ান্ত ৰায়ৰ দিশে দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ ৰায়দান ৷ শনিবাৰে নগাঁও আদালতত সাক্ষীদানৰ পিচতে অচিৰে চূড়ান্ত ৰায় পাব বুলি আশাবাদী অভি-নীলৰ পৰিয়াল ৷

By

Published : Feb 6, 2021, 8:49 PM IST

three-year-of-abhi-neel-murder-justice-yet-to-be-received
চূড়ান্ত ৰায়ৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰ

নগাঁও, 6 ফেব্ৰুৱাৰী :চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । নগাঁও আদালতত সাক্ষ গ্ৰহণ ডিফু ন্যায়াধীশৰ । ইতিমধ্যে সম্পন্ন হৈছে 51 জনৰ সাক্ষ গ্ৰহণ । আনহাতে, 16 জনৰ সাক্ষ গ্ৰহণৰ পিচতেই হ'ব চূড়ান্ত ৰায় । কম সময়ৰ ভিতৰতে দোষীয়ে শাস্তি লাভ কৰিব বুলি আশাবাদী নিলোৎপল-অভিজিতৰ পৰিয়াল ।

উল্লেখ্য যে, পাহাৰীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ কেইজনমান পাষণ্ডৰ বৰ্বৰতাৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । সকলোকে শিহৰিত কৰা ঘটনাটো সংঘটিত হৈছিল 2018 চনৰ 8 জুনত ।

চূড়ান্ত ৰায়ৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰ

ঘটনাৰ পিচতে হত্যাকাণ্ডৰ গোচৰত 47 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি ক্ষিপ্ৰতাৰে অভিযোগনামা দাখিল কৰিছিল ডিফু আৰক্ষীয়ে । সেই সময়ত ডিফু আদালতে 164 চি আৰ পি চিৰ অধীনত গ্ৰহণ কৰিছিল জবানবন্দী । পৰৱৰ্তী সময়ত নিলোৎপল-অভিজিতৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নগাঁও আদালতত আৰম্ভ হয় গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া । এই গোচৰত এই পৰ্যন্ত 51 জনৰ সাক্ষ গ্ৰহণ কৰিছে নগাঁও আদালতে ।

অধিক পঢ়ক :যোৰহাট আৰক্ষীৰ বৃহৎ নাৰী দেহ চক্ৰ উৎখাত

ইফালে, ডিফু আদালতত জবানবন্দী গ্ৰহণ কৰা ডিফু আদালতৰ ন্যায়াধীশৰ সাক্ষাৎ গ্ৰহণ কৰে নগাঁও আদালতে । কেইদিনমান পূর্বে ডিফু আদালতৰ ন্যায়াধীশে প্ৰথমবাৰৰ বাবে সাক্ষ দান কৰাৰ পিচত শনিবাৰে নগাঁও আদালতত ন্যায়াধীশক জেৰা কৰে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই ।

নগাঁও আদালতে ন্যায়াধীশ গৰাকীৰ উপৰিও ইৰাণী গগৈ নামৰ আন এগৰাকী সাক্ষীৰো সাক্ষ গ্ৰহণ কৰে । কিছুদিন পূৰ্বে দুই এজন সাক্ষীয়ে ভাষ্য সলনি কৰাক লৈ নীল-অভিৰ পৰিয়াল কিছু হতাশ হৈছিল যদিও অতি কম সময়ৰ ভিতৰত ন্যায় লাভ কৰিব বুলি আশাবাদী নীল, অভিৰ পৰিয়াল ।

অধিক পঢ়ক :ধুবুৰীৰ ৰাজপথত ট্ৰাকৰ দৌৰাত্ম

ABOUT THE AUTHOR

...view details