নগাঁও, 25 অক্টোবৰ: কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ গুৱাহাটীৰ পৰা লখিমপুৰলৈ চোৰাংকৈ বনজ সম্পদ সৰবৰাহ কৰা তিনিখনকৈ ট্ৰাক ৷ ট্ৰাক কেইখনৰ নম্বৰ AS 01 CC 8217, AS 01 DD - 4797 আৰু AS 01 CC- 9327 বুলি জনাইছে আৰক্ষীয়ে ৷ ট্ৰাক কেইখনত বাঁহৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ এঙাৰ( Bamboo Charcoal) আৰু লোৰ পৰা নিৰ্মিত নথি পত্ৰ বিহীন এবিধ বিশেষ সামগ্ৰী ( Mill Iron Scale) সৰবৰাহ কৰিছিল ইষ্ট খাছী হিলচ জিলাৰ মেচাৰ্চ জে. এচ. লিংডো নামৰ প্ৰতিষ্ঠানটোৱে ৷
কলিয়াবৰত অবৈধ বনজ সম্পদ ভৰ্তি তিনিখন ট্ৰাক জব্দ - গুৱাহাটীৰ পৰা লখিমপুৰলৈ চোৰাংকৈ বনজ সম্পদ সৰবৰাহ
ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি বিভিন্ন স্থানৰ পৰা নিতৌ অৰুণাচললৈ চোৰাংকৈ সৰবৰাহ হৈ আছে বনজ সম্পদ ৷
![কলিয়াবৰত অবৈধ বনজ সম্পদ ভৰ্তি তিনিখন ট্ৰাক জব্দ Three truck with illegal Mill Iron Scale & Bamboo Charcoal seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9308990-718-9308990-1603632372693.jpg)
কলিয়াবৰত অবৈধ বনজ সম্পদ ভৰ্তি তিনি খন ট্ৰাক জব্দ
কলিয়াবৰত অবৈধ বনজ সম্পদ ভৰ্তি তিনিখন ট্ৰাক জব্দ
ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, বিভিন্ন স্থানৰ পৰা নিতৌ অৰুণাচললৈ চোৰাংকৈ সৰবৰাহ হৈ আছে এই দুই বিশেষ সামগ্ৰী ৷
লগতে পঢ়কঃ নৱমী পূজাত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বাতিল ৰাজহুৱা বলি