নগাঁও, 13 জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে নগাঁৱত শিক্ষা বিভাগৰ টোগলকী কাণ্ড ৷ কা' বিৰোধী আন্দোলনত জড়িত হোৱাৰ অভিযোগত কৰ'ণা সৃষ্ট পৰিবেশৰ মাজতে তিনিজনকৈ শিক্ষকলৈ নিলম্বন পত্ৰ প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদর্শকে ৷ এই ঘটনা পোৰহলৈ অহাৰ পাছতেই সমগ্ৰ ৰূপহীহাট অঞ্চলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
উল্লেখ্য যে, কা বিৰোধী আন্দোলনক সমৰ্থন কৰি ছাত্ৰ ছাত্ৰীৰ স্বাক্ষৰ গ্ৰহণ কৰাৰ অভিযোগত ৰূপহীহাটৰ ফুটলজাৰ হাইমাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমান আনচাৰি, জয়নাল আবেদিন আৰু ৰফিকুক ইছলামলৈ নামৰ শিক্ষক তিনিজনক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰে জিলা বিদ্যালয়সমূহৰ পৰিদর্শকে ৷