অসম

assam

By

Published : May 6, 2021, 2:04 PM IST

ETV Bharat / state

টুকটুকী বড়িবজাৰৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখনকৈ দোকান

সান্ধ্য আইন বলবৎ হৈ থকাৰ সময়তে বুধবাৰে নিশা নগাঁৱৰ টুকটুকী বড়িবজাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডত।

টুকটুকী বড়িবজাৰৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখনকৈ দোকান
টুকটুকী বড়িবজাৰৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখনকৈ দোকান

নগাঁও, 6 মে': বুধবাৰে নিশা নগাঁৱৰ টুকটুকী বড়িবজাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডত ।

টুকটুকী বড়িবজাৰৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখনকৈ দোকান

সান্ধ্য আইন বলবৎ হৈ থকাৰ সময়তে ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডত এখন কাপোৰ দোকান এখন গেলামাল দোকান,এখন হোটেল সম্পূৰ্ণৰূপে ভস্মীভূত হয় । নগাঁৱৰ ইনতাজ আলী, মুজাম্মিল হক আৰু ফজৰ আলী ক্ৰমে অগ্নিকাণ্ডত ভষ্মীভূত হোৱা দোকানকেইখনৰ স্বাত্বাধিকাৰী ৷

উল্লেখ্য যে, স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰাৰ ফলতে অঞ্চলটোৰ আন আন দোকান কেইখন ৰক্ষা পৰে ৷ অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও বিদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি উল্লেখ্য কৰিছে একাংশ লোকে ৷

লগতে পঢ়ক:আই পি এলৰ জুৱাই কাল হ’ল নেকি মহিলাৰ ?

ABOUT THE AUTHOR

...view details