চামগুৰি, 1 মে’ :শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰিত উদ্ধাৰ হয় তিনিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰীৰ পোৱালি (Wildcat kittens rescued in Samaguri)৷ চামগুৰি ভৰাগুৰিৰ মুকুন্দ চাংমাই নামৰ এজন লোকজনে তেওঁৰ বাঁহনিত কেইবাদিনো ধৰি তিনিটা বন মেকুৰীৰ পোৱালিয়ে অৱস্থান কৰি থকা প্ৰত্যক্ষ কৰিছিল ৷
মুকুন্দ চাংমায়ে প্ৰত্যক্ষ কৰিছিল যে, কেইবাদিনো ধৰি পোৱালিকেইটাৰ কাষলৈ অহা নাছিল মাক ৷ ফলত মাক পৰা বিচিন্ন হৈ পোৱালি কেইটা ভোকে-পিয়াহে পৰি আছিল মুকুন্দ চাংমাইৰ বাঁহনিত ৷ দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰী কেইটাক বচোৱাৰ স্বাৰ্থত মুকুন্দ চাংমায়ে নিজ ঘৰতে আশ্ৰয় দিয়ে পোৱালিকেইটাক ৷
কেৱল আশ্ৰয় দিয়াই নহয়, পোৱালিকেইটাৰ যতনো লয় মুকুন্দ চাংমায়ে ৷
চামগুৰিত উদ্ধাৰ তিনিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰীৰ পোৱালি পৰৱৰ্তী সময়ত মুকুন্দ চাংমায়ে খবৰ দিয়ে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক । খবৰ পোৱাৰ মাত্ৰে মুকুন্দ চাংমাইৰ বাসগৃহত উপস্থিত হয় দুলু বৰা ৷ তাৰ পাচত প্ৰকৃতিপ্ৰেমী দুলু বৰাই দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী কেইটাক উদ্ধাৰ কৰে ৷
লগতে পোৱালি কেইটাৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে ৷ আনকি মাতৃহাৰা দুষ্প্ৰাপ্য বন মেকুৰী পোৱালি কেইটাক সুৰক্ষা তথা আশ্ৰয় প্ৰদান কৰা মুকুন্দ চাংমাইকো ধন্যবাদ জ্ঞাপন কৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই ।
লগতে পঢ়ক :বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন