অসম

assam

ETV Bharat / state

কলিয়াবৰত তিনি প্ৰৱঞ্চক আটক

সক্ৰিয় অপৰাধমূলক চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কলিয়াবৰ আৰক্ষীৰ ৷ কলিয়াবৰ আৰক্ষীয়ে চলোৱা এনে এক অভিযানত আটক কৰে তিনিগৰাকীকৈ প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চক তিনিগৰাকী জড়িত জাল নোট আৰু নকল সোণৰ ব্যৱসায়ত ৷

Three fraud caught by Police in Kaliabar nagaon assam etv bharat news
প্ৰৱঞ্চক আটক

By

Published : Sep 23, 2020, 3:31 PM IST

কলিয়াবৰ, 23ছেপ্তেম্বৰ:কলিয়াবৰ আৰক্ষীয়ে সক্ৰিয় অপৰাধমূলক চক্ৰসমূহৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছেঅভিযান ৷ তেনে এক চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে বুধবাৰে আটক কৰে তিনিগৰাকীকৈ প্ৰৱঞ্চকক ৷ কলিয়াবৰৰ বৰঘূলীত পুৱতি নিশা মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত চলোৱা অভিযানত জাল নোট আৰু নকল সোণৰ ব্যৱসায়ত জড়িততিনিজনীয়া এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ দাসক এই অভিযানত সহায় আগবঢ়াই উলুৱনী, চুলুং আৰু মিছা আৰক্ষীয়ে ৷

প্ৰৱঞ্চক আটক

আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক তিনিজন ক্ৰমে বিহপুৰীয়া থানাৰ অধীনৰ আতিকুল ইছলাম, মজিবুৰ ৰহমান আৰু তিনি নম্বৰ বৰঘূলীৰ ৰাজিবুল হক৷ আৰক্ষীয়ে দলটোৰ পৰা প্ৰায়তিনিশখন 500 টকীয়া জাল নোট, নকল সোণৰ মূৰ্তি আৰু আপত্তিজনক কিছু সামগ্ৰী উদ্ধাৰ কৰিছে ৷ ধৃত প্ৰৱঞ্চকৰ দলটোৱে দীৰ্ঘদিনৰ পৰাই সাধাৰণ জনতাক ভূৱা কাৰচাজিৰে ঠগাই আহিছিল ৷ জেৰা আৰু অনুসন্ধানৰ অন্তত আটকাধীন এই দলটোৰ তথ্যৰ ভিত্তিত এক বৃহৎ প্ৰৱঞ্চক চক্ৰৰ সন্ধান লাভ কৰিব পাৰিব বুলি আশাবাদী আৰক্ষী ৷

লগতে চাওকঃডিব্ৰুগড় বিমানবন্দৰত জব্দ কেইবা লক্ষাধিক নগদ ধন

ABOUT THE AUTHOR

...view details