বঢ়মপুৰ, 18 ছেপ্তেম্বৰ: নগাঁৱৰ ৰাঙলুত বৃহস্পতিবাৰে নিশা গৰুসহ তিনিটা চোৰক আটক কৰে স্থানীয় ৰাইজে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাঙলুৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি এটা বৃহৎ চুৰি চক্ৰই গৰু চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ আটকাধীন চোৰ তিনিটা ক্ৰমে- আব্দুল আজিজ (26) ৰহমান আলী (23) আৰু মঞ্জুল হক (20) ৷
নগাঁৱৰ ৰাঙলুত আটক 3 দুৰ্ধৰ্ষ গৰু চোৰ - চোৰ
বৃহস্পতিবাৰে নিশা নগাঁৱৰ ৰাঙলুত আটক গৰুসহ তিনিটাকৈ চোৰ ৷ দীৰ্ঘদিন ধৰি এটা বৃহৎ চুৰি চক্ৰই গৰু চোৰ কৰি থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ গাঁওবাসীয়ে চোৰ তিনিটাক উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক ৷
নগাঁৱৰ ৰাঙলুত আটক 3 দুৰ্ধৰ্ষ গৰু চোৰ
অৱশেষত, স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনীৰ অভিযোগত আটক কৰে গৰু চোৰ তিনিটাক ৷ জানিব পৰা মতে, নিশাৰ ভাগতে আৰক্ষীয়ে ধৃত চোৰকেইটাক নগাঁৱলৈ প্ৰেৰণ কৰে ৷ ইফালে চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷