নগাঁও, ১৯ জুন :নগাঁৱত এইবাৰ খোপনি পুতিছে বহিঃৰাজ্যৰ নকল সোণৰ ব্যৱসায়ী চক্ৰই (Fake gold racket in Nagaon)। নগাঁৱৰ একাংশ অসাধু লোকক লগত লৈ বহিঃৰাজ্যৰ নকল সোণ ব্যৱসায়ী চক্ৰই নগাঁৱত চলাইছে নকল সোণৰ ব্যৱসায় । শেহতীয়াকৈ নগাঁৱৰ বজাৰ দখল কৰিবলৈ যেন তৎপৰ হৈ পৰিছে নকল সোণ ব্যৱসায়ী চক্ৰটো । কিন্তু এই উদ্দেশ্যক বিফল কৰিবলৈ নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফ ৩৪ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ জোৱান আৰু নগাঁও আৰক্ষী সষ্টম হৈ পৰিছে ।
শেহতীয়াকৈ নগাঁও আৰক্ষীৰ নগৰ শাখাৰ আৰক্ষী আৰু চিআৰপিএফৰ ৩৪ নং বেটেলিয়নে লাভ কৰা তথ্যৰ ভিত্তিত যৌথভাৱে নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় (Raid against fake gold traders in Nagaon)। দেওবাৰে দুপৰীয়া চলা অভিযানত দলটোৱে বহিঃৰাজ্যৰ নকল সোণ ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় । কাতিমাৰী অঞ্চলৰ পৰা অভিযানকাৰী দলটোৱে নকল সোণৰ বিস্কুট, সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হয় ।