নগাঁও,২২ মে' :নগাঁৱৰ বটদ্ৰৱাত সংঘটিত শনিবাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত (Tense Situation at Batadrava)। বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত (Public sets fire in police station) জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোক কেইগৰাকী ক্ৰমে মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনুৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ।
ইফালে তিনিওগৰাকী অভিযুক্ত জুৱা খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত বুলি জানিব পৰা গৈছে । নিশা নগাঁও সদৰ আৰক্ষী থানাতে তেওঁলোকক জেৰা চলোৱা হৈছে । আনহাতে থানা জ্বলোৱা ঘটনাত জড়িত বাকীসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
সমান্তৰালকৈ মৃত যুৱকজনৰ পৰিয়ালৰ পৰা ধন দাবী কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন কৰিছে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই । ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে ঘটনা কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । ঘটনাত জড়িত আটাইকেইজন অপৰাধীয়েই উচিত শাস্তি পাব বুলিও তেওঁ মন্তব্য কৰে ।