অসম

assam

ETV Bharat / state

আকাশীগংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ সূৰ্য নমস্কাৰ - শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নগাঁও সংকুল

বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ আৰু শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নগাঁও সংকুলৰ সূৰ্য নমস্কাৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানটি সোমবাৰে বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত হয় ৷ বিগত ২২ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমৰ জুৰি চলি থকা সূৰ্য নমস্কাৰ মহাযজ্ঞৰ লগত সংগতি ৰাখি নগাঁও সংকুলৰ ১৬ খন নিকেতনত চলি আছিল এই অনুষ্ঠান ৷

thousand students performed surya namaskara at Batadrawa
আকাশীগংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ সূৰ্য নমস্কাৰ

By

Published : Mar 3, 2020, 5:23 AM IST

বটদ্ৰৱা,2 মাৰ্চঃবটদ্ৰৱাৰ আকাশী গংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰিবেশন কৰিলে সূৰ্য নমস্কাৰ ৷ নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ ১৬ খন নিকেতনৰ এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰিৱেশন কৰে সূৰ্য নমস্কাৰ ৷ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ আৰু শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নগাঁও সংকুলৰ সূৰ্য নমস্কাৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানটি সোমবাৰে বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত হয় ৷ বিগত ২২ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমৰ জুৰি চলি থকা সূৰ্য নমস্কাৰ মহাযজ্ঞৰ লগত সংগতি ৰাখি নগাঁও সংকুলৰ ১৬ খন নিকেতনত চলি আছিল এই অনুষ্ঠান ৷

আকাশীগংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ সূৰ্য নমস্কাৰ

উল্লেখ্য যে, সোমবাৰে বটদ্ৰৱাত অনুষ্ঠিত নগাঁও সংকুলৰ সামৰণি অনুষ্ঠানটিৰ পূৰ্বে জিলা খনৰ ১৬ খন নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত সমবেত হৈ খোজকাঢ়ি বটদ্ৰৱা থানলৈ যাত্ৰা কৰে ৷ আকাশী গংগাৰ তীৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু পতাক উত্তোলন কৰা হয় । এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে শৃংখলাবদ্ধ ভাৱে ব্ৰহ্মনাদ, বন্দনা পৰিৱেশন কৰাৰ পাছত সূৰ্য প্ৰনাম কৰা এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক-হাগ্ৰামাৰ মডেল বিটিচিত ৰাইজে খায় নিজৰাৰ পানী

ABOUT THE AUTHOR

...view details