নগাঁও, 9 জানুৱাৰী :নগাঁৱৰ হেৰাপতিত শনিবাৰে সহস্ৰাধিক কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে বিজেপিত যোগদান কৰে । হেৰাপতি পঞ্চায়তৰ সভানেত্ৰী ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাখনত কংগ্ৰেছ আৰু এআইইউডিএফ দল ত্যাগ কৰি প্ৰায় সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে । সভাখনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰতিগৰাকী লোকক বিজেপি দললৈ উষ্ম আদৰণি জনাই বিধায়ক ৰূপক শৰ্মাই ।
নগাঁৱৰ সহস্ৰাধিক কংগ্রেছ-এআইইউডিএফ সদস্যৰ বিজেপিত যোগদান - CONGRESS
হেৰাপতি পঞ্চায়তৰ সভানেত্ৰী ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰাৰ লোকক আদৰণি জনায় বিধায়ক ৰূপক শৰ্মাই ।
![নগাঁৱৰ সহস্ৰাধিক কংগ্রেছ-এআইইউডিএফ সদস্যৰ বিজেপিত যোগদান THOUSAND OF CONGRESS AND AIUDF MEMBERS JOINING IN BJP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10183493-thumbnail-3x2-k.jpg)
বিধায়ক ৰূপক শৰ্মাই এইসকল সদস্যৰ বিজেপিত যোগদানে দলটোৰ ভেঁটি অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে । যোগদান সভাখনত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদিকা চালমা জেছমিন, ভাৰতীয় জনতা পাৰ্টিৰ খাগৰিজান মণ্ডলৰ সভাপতি হৰিচৰণ ডেকা, সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ইয়াকুব আলী, জিলা পৰিষদৰ সদস্য ওৱাজিউল্লা কবিৰ প্ৰমুখ্যে দলৰ বহু বিষয়ববীয়া আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে । একেদিনাই বিধায়ক ৰূপক শৰ্মাই হেৰাপতি পঞ্চায়তত এখন দলং আৰু এটি পথৰো উদ্ধোধন কৰে ।
লগতে পঢ়ক :অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত ৰাজ্যিক আইন অভিৱৰ্তন