নগাঁও,7 মে' ঃদেশজুৰি চলি আছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন। কিন্তু এই তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ মাজতে নগাঁৱত পৰিলক্ষিত হ'ল তীব্ৰ যান-জঁটৰ দৃশ্য ৷ ৰিক্সা, ই ৰিক্সা, টেম্পু, ব্যক্তিগত, ব্যৱসায়ীক বাহনৰ ভিৰ নগাঁও জিলাৰ হয়বৰ গাঁৱৰ ৰাজপথত।
নগাঁৱৰ ৰাজপথত বৃহৎ জন সমাগম, উমঘাম নাই লক্ ডাউনৰ ! - নগাঁৱৰ ৰাজপথত তীব্ৰ যান-জঁট
দেশজুৰি ক্ৰমাৎ বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ যেন শেষ হ'ল কৰ'ণা ভাইৰাছৰ সংহাৰ ৷ কোনো চিন-চাবেই নাই লক্ ডাউনৰ ৷ তাৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোত নগাঁৱৰ ৰাজপথত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ ৷

নগাঁৱৰ ৰাজপথত বৃহৎ জন সমাগম, উমঘাম নাই লক্ ডাউনৰ !
নগাঁৱৰ ৰাজপথত তৃতীয় পৰ্যায়ৰ লক্ ডাউন
তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়া হৈছে যদিও ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি নগাঁও চহৰত ভিৰ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু লোকে। চহৰখনৰ ৰাজপথত সৃষ্টি হৈছে তীব্ৰ যান জঁটৰ , দোকান-পোহাৰ, বজাৰত মানুহৰ যথেষ্ট ভিৰ । শাৰীৰিক অথবা সামাজিক দূৰত্ব মানি চলা নাই এইসকল লোকে । কোনোবাই যদি জৰুৰী কামত ওলাই আহিছে আন কোনোবাই এনেই ওলাই আহিছে ঘৰৰ বাহিৰলৈ । বহু লোকৰ এনে দ্বায়িত্বজ্ঞানহীনতাৰ বাবে অনাগত দিনত ভয়ংকৰ বিপদ নামি আহিব পাৰে অঞ্চলটোলৈ ৷