ৰূপহীহাট,2 মাৰ্চ:দিনদুপৰতে নগাঁৱৰ ৰূপহীহাটত চোৰৰ উপদ্ৰৱ ৷ মঙলবাৰে দুপৰীয়া জুৰীয়াৰ তেলীয়া বেবেজীয়া গাঁৱত সন্ত্ৰাস চলাই এটা চোৰে ৷ ঘৰত কোনে নথকাৰ সুযোগ লৈ প্ৰয়াত ভৱেন্দ্ৰ নাথ বৰাৰ ঘৰত প্ৰৱেশ কৰে বাবুল হুছেইন নামৰ চোৰটোৱে ৷ ঘৰত প্ৰৱেশ কৰিয়েই আলমিৰা ভাগি সামগ্ৰী উলিয়াবলৈ লওতেই স্থানীয় লোকৰ হাতত ধৰা পৰে চোৰটো ৷
ৰূপহীহাটৰ জুৰীয়াত দিনদুপৰতে চোৰৰ তাণ্ডৱ - তেলীয়া বেবেজীয়া গাঁও
মঙলবাৰে দুপৰীয়া জুৰীয়াৰ তেলীয়া বেবেজীয়া গাঁৱত সন্ত্ৰাস চলাই এটা চোৰে ৷ ঘৰত কোনে নথকাৰ সুযোগ লৈ প্ৰয়াত ভৱেন্দ্ৰ নাথ বৰাৰ ঘৰত প্ৰৱেশ কৰে বাবুল হুছেইন নামৰ চোৰটোৱে ৷ আলমিৰা ভাগি সামগ্ৰী উলিয়াবলৈ লওতেই স্থানীয় লোকৰ হাতত ধৰা পৰে চোৰটো ৷
ৰূপহীহাটৰ জুৰীয়াত দিনদুপৰতে চোৰৰ তাণ্ডৱ
উল্লেখ্য যে, দীৰ্ঘদিন পৰা চোৰটোৱে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল যদিও হাতে-লোটে ধৰিব পৰা নাছিল স্থানীয় লোকে ৷ মঙলবাৰে কোনো নথকা অৱস্থাত ঘৰটোত প্ৰৱেশ কৰা দেখি ৰাইজে তৎপৰতাৰে চোৰটোক ধৰিবলৈ সক্ষম হয় আৰু আৰক্ষীক গতাই দিয়ে ।
লগতে পঢ়ক:বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান