অসম

assam

By

Published : Oct 26, 2019, 5:22 PM IST

ETV Bharat / state

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰি

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰিকাণ্ড ৷ চোৰে লুটি নিলে এটা বৈদ্যুতিক মটৰ ৷ ইতিপূৰ্বেও প্ৰতিষ্ঠানটোৰ পৰা চোৰে লুটি নিছে গুৰুজনাৰ সৃষ্টি 'ভুৰুকাত হাতী ভৰোৱা' গুণমালা পুথি ৷

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰি

বটদ্ৰৱা, 26 অক্টোবৰঃ অস্তিত্বৰ সংকটত গুৰুজনাৰ বটদ্ৰৱা থানৰ আপুৰুগীয়া সম্পদৰাজি ৷ গুৰুজনাৰ স্মৃতি বিজড়িত আপুৰুগীয়া সম্পদসমূহত চকু দুৰ্বৃত্তৰ ৷ শুকুৰবাৰে নিশা বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিলে এটা বৈদুত্যিক মটৰ ৷ কেইবাগৰাকীও বিদ্ধান লোকৰ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্মৰ দৰ্শন,ভাষা সাহিত্য,কলা-সংস্কৃতিৰ অধ্যয়নৰ বাবে জন্ম দিয়া গৱেষণা প্ৰতিষ্ঠানটোত ইয়াৰ পূৰ্বে কেইবাৰো চুৰিকাণ্ড সংঘটিত হৈছে ৷ বিগত বৰ্ষত এই গৱেষণা প্ৰতিষ্ঠানটোৰ পৰা গুৰুজনাৰ সৃষ্টি ভুৰুকাত হাতী ভৰোৱা 'গুণমালা'পুথিখন চুৰি হৈছিল। ইপিনে,শুকুৰবাৰে সংঘটিত চুৰিকাণ্ডটোক সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ ৰাইজে ৷ বৈদ্যুতিক মটৰ চুৰি হোৱা স্থানতে আছিল বহু মূল্যবান পুথি,কাঠৰ ভাস্কৰ্য বহু আপুৰুগীয়া সম্পদ ৷ ৰাইজৰ অভিযোগ গৱেষণা প্ৰতিষ্ঠানটোৰ কাষতে গঢ়ি উঠা পাইকাৰী মাছৰ বজাৰত অহা কিছু লোকে সংঘটিত কৰিছে এই চুৰি কাণ্ড ৷

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ সম্পদৰাজি

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বটদ্ৰৱাত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰাইজে ৷ অতি শীঘ্ৰে প্ৰাচীন সম্পদৰাজি সমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰ

লগতে পঢ়কঃ পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

উল্লেখ্য যে,1974 চনত নীলমণি ফুকন,ড০ মহেশ্বৰ নেওগ,গহন চন্দ্ৰ গোস্বামীকে আদি কৰি বহু বিদ্ধান ব্যক্তিয়ে বটদ্ৰৱাৰ শান্তিজানৰ পাৰত প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৷

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰি

For All Latest Updates

ABOUT THE AUTHOR

...view details