অসম

assam

ETV Bharat / state

পুৰণিগুদামত চোৰৰ টিঘিলঘিলনি: একে নিশাই দুই স্থানত চুৰিকাণ্ড - Burglary in school at Puranigudam

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত নগাঁৱৰ পুৰণিগুদাম (Puranigudam turned into a criminal's desert) । বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন প্ৰান্তত সঘনে সংঘটিত চুৰি-ডকাইটিৰ ঘটনা । কেতিয়াবা যদি গৰু চুৰি আন কেতিয়াবা আকৌ গৃহস্থৰ সাঁচতীয়া ধনত দিছে হাত । চোৰৰ উপদ্ৰৱৰ পৰা সাৰি নগ'ল বিদ্যালয়ো (Burglary in school at Puranigudam) ।

thefts at two places in puranigudam on one night
পুৰণিগুদামত চোৰৰ টিঘিলঘিলনি

By

Published : Apr 30, 2022, 8:48 PM IST

ছামগুৰি,৩০ এপ্ৰিল: বৃহত্তৰ পুৰণিগুদাম অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি-ডকাইটিৰ দৰে অপৰাধজনিত ঘটনা (Puranigudam turns into a crime hub) । প্ৰতিনিশাই পুৰণিগুদামৰ বিভিন্ন অঞ্চলত চোৰে নিৰ্বিঘ্নে চলাাই গৈছে লুটপাট । একে নিশাতে দুই স্থানত সংঘটিত দুটাকৈ চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ।

পুৰণিগুদামত চোৰৰ টিঘিলঘিলনি: একে নিশাই দুই স্থানত চুৰিকাণ্ড

চোৰৰ উপদ্ৰৱৰ পৰা সাৰি নগ'ল বিদ্যালয়ো (Burglary in school at Puranigudam) । এটা মাহতে একেখন বিদ্যালয়ত তিনিবাৰকৈ চোৰে চলালে চাফাই অভিযান । মাহটোৰ ভিতৰতে তিনিবাৰকৈ পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপদ্ৰৱ চলাই । শুকুৰবাৰেও নিশা চাফাই অভিযান চলাই লুটি নিয়ে বিদ্য়ালয়খনৰ বহু যাৱতীয় সামগ্ৰী । বিদ্য়ালয়খনত তিনিবাৰকৈ চাপাই অভিযান চলাই চোলে লুট কৰে দুটাকৈ পানীমটৰ, কেইবাখনো চিলিং ফেন, বহকেইখন চকীসহ আন কেইবাপদো যাবতীয় সা-সামগ্ৰী ।

ইফালে পুৰণিগুদামৰে ম'হপৰা গাঁৱতো নিশা দিগন্ত ফুকন নামৰ লোকজনৰ ঘৰত চোৰে চলালে লুটপাত । ঘৰত কোনো মানুহ নথকাৰ সুযোগলৈ চোৰে লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধন । পৰিয়ালটোৰ এগৰাকী সদস্য চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে নিশা কোনো উপস্থিত নাছিল ঘৰখনত ।

এক কথাত ক'বলৈ গ'লে ৰাতিটো আহিলেই হাতীটো হৈ পৰে পুৰণিগুদাম অঞ্চলবাসীৰ বাবে । ক্ৰমাগতভাৱে অঞ্চলটোত বৃদ্ধি পাই অহা চোৰৰ উপদ্ৰৱৰ বাবে আৰক্ষীৰ বিৰুদ্ধ চুড়ান্ত ক্ষোভ উজাৰিলে ভুক্তভোগী সকলে । শীঘ্ৰেই অঞ্চলটোত নিশাৰ ভাগত আৰক্ষীৰ তহলৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন জনতাই ।

লগতে পঢ়ক:অসম মেঘালয় সীমান্তৱৰ্তী খাৰখুঁটাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Paragliding Accuracy Championship

ABOUT THE AUTHOR

...view details