অসম

assam

By

Published : May 15, 2021, 9:46 PM IST

ETV Bharat / state

চামগুৰিৰ গেৰুৱামুখত চুৰি কাণ্ড

চামগুৰিত চুৰিকাণ্ড ৷ নিশা সাৰৰ দোকানৰ তলা ভাঙি চোৰে লুটি নিলে ৭ লাখকৈ নগদ ধন আৰু আন বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷

thief-at-samuguri-at-night
চামগুৰিৰ গেৰুৱামুখত চুৰি কাণ্ড

চামগুৰি, 15 মে': কৰ’ণা মহামাৰীয়ে ৰাজ্যখনত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে চামগুৰিৰ গেৰুৱামুখত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ গেৰুৱামুখৰ এখন সাৰৰ দোকানত শুকুৰবাৰে নিশা সংঘটিত হয় এই চুৰি কাণ্ড ৷ নিশা সাৰৰ দোকান খনৰ তলা ভাঙি চোৰে লুটি নিলে ৭ লাখকৈ নগদ ধন আৰু বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷

চামগুৰিৰ গেৰুৱামুখত চুৰি কাণ্ড

আইজুল হক নামৰ চামগুৰি গেৰুৱামুখৰ লোকজনৰ দোকানত সংঘটিত হয় এই চুৰি কাণ্ডটো । দোকানৰ স্বত্বাধিকাৰী আইজুলে খাটোৱাল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছত ঘটনা সন্দৰ্ভত খাটোৱাল আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :কাৰ্বি আংলঙত ক’ভিডৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি একাংশৰ

ABOUT THE AUTHOR

...view details