নগাঁও, ৩০ মে': দিনৰ পোহৰতে চুৰিকাণ্ড নগাঁৱৰ শিক্ষানুষ্ঠানত । চিচিটিভি কেমেৰাত বন্দী চুৰিৰ সমগ্ৰ দৃশ্য । একেটা শিক্ষানুষ্ঠানতে দ্বিতীয়বাৰৰ বাবে সংঘটিত হয় চুৰিকাণ্ড ।
দিন-দুপৰতে নগাঁৱৰ শিক্ষানুষ্ঠানত চুৰিকাণ্ড - চিচিটিভি কেমেৰাত বন্দী চুৰিৰ সমগ্ৰ দৃশ্য
শনিবাৰে দিন-দুপৰতে চুৰিকাণ্ড সংঘটিত হয় নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰেণেছাঁ মাধ্যমিক বিদ্যালয়ত । চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী চিচিটিভি কেমেৰাত। দ্বিতীয়বাৰ বাবে বিদ্যালয়খনত সংঘটিত হয় চুৰিকাণ্ড ।

শনিবাৰে দ্বিতীয়বাৰৰ বাবে চুৰিকাণ্ড সংঘটিত হ'ল নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰেণেছাঁ মাধ্যমিক বিদ্যালয়ত । এইবাৰ দিনৰ পোহৰতে চুৰিকাণ্ড সংঘটিত কৰিলে দুই চোৰে । শনিবাৰে পুৱা ৯ বাজি ৪৫ মিনিটত গেটৰ তলেদি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে চোৰ দুটাই । বিদ্যালয়ত প্ৰৱেশ কৰি লুটি নিয়ে ইনভাৰ্টাৰ, বেটেৰী, মেমৰি কাৰ্ডসহ বহু সামগ্ৰী । আনকি বিদ্যালয়খনৰ বহু সামগ্ৰী ক্ষতিসাধন কৰে চোৰ দুটাই।
উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰ্থাৎ লক ডাউন চলি থকাৰ সময়তো শিক্ষানুষ্ঠানটোৰ পৰা চোৰে কম্পিউটাৰ ছেটসহ বহু সামগ্ৰী লুটি নিছিল । নগাঁও চহৰৰ মাজমজিয়াত থকা শিক্ষানুষ্ঠানত বাৰে বাৰে সংঘটিত চুৰিকাণ্ডক লৈ এতিয়া শংকিত হৈছে নগাঁৱৰ সচেতন মহল ।