অসম

assam

ETV Bharat / state

নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত চোৰৰ প্ৰৱেশ - নগাঁও জিলা আৰক্ষী অধীক্ষক

নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ চোৰ। নগাঁৱত সঘনাই সংঘটিত চুৰি কাৰ্যক লৈ উদ্বিগ্ন জিলা ছাত্ৰ সন্থা । চোৰ নিয়ন্ত্ৰণত নগাঁও আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ ছাত্ৰ সন্থাৰ।

thief at nagaon district student union office
thief at nagaon district student union office

By

Published : Jun 9, 2020, 5:08 PM IST

Updated : Jun 9, 2020, 5:45 PM IST

নগাঁও, ৯ জুনঃ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিন দুপৰতে চোৰৰ প্ৰৱেশ । কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীয়ে গম পোৱাৰ ফলত কোনো সামগ্ৰী লুটি নিব নোৱাৰিলে চোৰটোৱে । কৰ্মচাৰী গৰাকীয়ে দেখাৰ লগে লগে কাৰ্যালয়টোৰ পৰা পলায়ন কৰে চোৰটোৱে ।

নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত চোৰৰ প্ৰৱেশ

নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিচেই কাষতে থকা ছাত্ৰ সন্থাৰ কাৰ্যালয়টোত দিন দুপৰতে চোৰৰ প্ৰৱেশক লৈ উদ্বিগ্ন হৈ পৰিছে জিলা ছাত্ৰ সন্থা । দিন দুপৰতে চোৰৰ প্ৰৱেশক লৈ উদ্বিগ্ন হৈ পৰিছে জিলা ছাত্ৰ সন্থা । জানিব পৰা মতে, বিগত কিছুদিন ধৰি নগাঁও চহৰকে ধৰি গ্ৰামাঞ্চলৰ বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি, চুৰি কাৰ্য নিয়ন্ত্ৰণত নগাঁও আৰক্ষী ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন কৰিছে জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ।

লগতে চাওকঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

Last Updated : Jun 9, 2020, 5:45 PM IST

ABOUT THE AUTHOR

...view details