অসম

assam

ETV Bharat / state

বঢ়মপুৰত একে নিশাই পাঁচটা স্থানত চুৰিকাণ্ড - barhampur thief

নগাঁৱৰ বঢ়মপুৰত চোৰৰ তাণ্ডৱ ৷ শুকুৰবাৰে নিশা পাঁচটাকৈ স্থানত চাফাই চলালে চোৰে ৷

বঢ়মপুৰ
বঢ়মপুৰত একে নিশাই পাঁচটা স্থানত চুৰিকাণ্ড

By

Published : Feb 1, 2020, 12:28 PM IST

বঢ়মপুৰ, 1 ফেব্ৰুৱাৰীঃ নগাঁৱৰ বঢ়মপুৰৰ কামপুৰত চোৰৰ চাফাই অভিযান । চোৰে লুটি নিলে সোণৰ ফুলি সহ নগদ ধন । কামপুৰত মন্দিৰ-মছজিদৰ ওপৰত চোৰৰ শেন চকু । একে নিশাই পাঁচটাকৈ স্থানত চোৰে চলালে চাফাই অভিযান । শুকুৰবাৰে নিশা কামপুৰ গুইমাৰীৰ বিষ্ণু মন্দিৰ, হৰগৌৰী মন্দিৰ, নামঘৰৰ লগতে কাকতি গাঁৱৰ দুটাকৈ মছজিদত চোৰে চলালে চাফাই অভিযান । চোৰে মন্দিৰৰ দানপাত্ৰৰ লগতে গেটৰ তলা ভাঙি লুটি নিলে বৰতাল, টিলিঙা আৰু সোণৰ ফুলিসহ নগদ ধন । ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিছে স্থানীয় ৰাইজে ৷

বঢ়মপুৰত একে নিশাই পাঁচটা স্থানত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details