অসম

assam

By

Published : Jul 25, 2019, 1:50 AM IST

ETV Bharat / state

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে মূল্যৱান সা-সম্পত্তি

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

বটদ্ৰৱা,25 জুলাইঃ বটদ্ৰৱাৰ ৰাইদঙীয়া চুৰিকাণ্ড ৷ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰজাগাঁৱৰ গুন ৰাজা নামৰ ব্যক্তি জনৰ ঘৰৰ সকলো সদস্য কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকা সুযোগ লৈ দিন দুপৰতে চোৰে প্ৰৱেশ কৰিলে ঘৰত ৷ ঘৰটোৰ পৰা চুৰে লুটি নিলে এটা দামী টেলিভিচন চেট, এটা এল পি জি ষ্ট’ভ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ ইয়াৰোপৰি, আলমিৰা ভাঙি সোণৰ কাণ ফুলি আৰু নগদ ধন লৈ উধাও হয় চোৰ ৷ সন্ধিয়া কৰ্মস্থলীৰ পৰা উভতি আহি চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় গৃহস্থ ৷ চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গতানুগতিকভাবে প্ৰাথমিক তদন্ত চলাই চোৰৰ সন্ধানত অভিযানত নামি পৰিছে যদিও চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

উল্লেখ্য যে,জাজৰি আৰক্ষীৰ চূড়ান্ত গাফিলতি আৰু অমনোযোগিতাৰ বাবে বিগত কেইমাহমানৰ পৰা বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ যোৱা শনিবাৰে নিশা এটা ড্ৰাগছ আসক্ত জুৱাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত এজন যুৱক গুৰুত্বৰভাবে আহত হোৱাৰ বিপৰীতে দেওবাৰে দিনৰ পোহৰতে অঞ্চলটোৰ আইভেটিৰ এঘৰ মানুহৰ ঘৰত তিনিজনীয়া দুৰ্বৃত্তৰ দলে সপ্তম শ্ৰেণীত অধ্যয়নৰত এটা কিশোৰক মাৰধৰ কৰি গ্লাচৰ টুকুৰা পানীত মিহলাই খুৱাই আহত কৰিছিল ৷

ABOUT THE AUTHOR

...view details