বঢ়মপুৰ, 10 আগষ্ট: বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা সামগ্ৰী চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল এখন অভিযুক্ত চোৰ ৷ নগাঁৱৰ ৰাঙলুৰ এটা পেট্ৰ'ল পাম্পৰ সমীপত ৰখাই থোৱা বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকসমূহৰ পৰা বহুদিন ধৰি মোবাইলকে আদি কৰি অন্যান্য বহু সা-সামগ্ৰী চুৰি হৈ আহিছে ৷ ইমানৰ পাচতো চোৰ ধৰাৰ ক্ষেত্ৰত বিফল হৈছিল ৰাঙলু পহৰা চকী ৷
নগাঁৱৰ ৰাঙলুত আটক অভিযুক্ত চোৰ - চোৰ
দেওবাৰে নিশা ৰাঙলুত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত স্থানীয় যুৱকে কোনো গোপন সুত্ৰৰ পম খেদি বহু দিনৰ পৰাই বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকসমূহত সংঘটিত চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এজন অভিযুক্তক আটক কৰে ৷
অভিযুক্ত চোৰ
কিন্তু দেওবাৰে নিশা গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত স্থানীয় যুৱক সকলে কোনো গোপন সুত্ৰৰ পম খেদি আৰ্ছাদ আলী নামৰ এজন লোকক হাতে-লোতে ধৰি চমজাই দিয়ে ৰাঙলু আৰক্ষীক ৷ চুৰিকাণ্ডৰ লগত জড়িত ৰহম আলী আৰু মৰম আলী আলী নামৰ আন দুজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ পলাতক অভিযুক্ত দুজনক অতি শীঘ্ৰেই আটক কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক