নগাঁও, 30 জুলাই: হয়বৰগাঁৱৰ এগৰাকী লোকে বুধাবাৰে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছিল এখন এজাহাৰ ৷ এজাহাৰত উল্লেখ থকা অনুসৰি,মঙলবাৰে নিশা লোকগৰাকীৰ ঘৰত সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ চোৰে গৌৰৱ উপাধ্যায় নামৰ লোক গৰাকীৰ ঘৰৰ পৰা লুটি নিয়ে এটা মোবাইল ফোন,দুটা লেপটপকে ধৰি সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ধন ৷ সেই এজাহাৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ জোৱানে আৰম্ভ কৰে অভিযান ৷
হয়বৰগাঁৱত চুৰি সামগ্ৰীসহ আটক অভিযুক্ত - এজাহাৰ
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত চলোৱা এক অভিযানত বুধবাৰে নিশা চুৰি হোৱা সামগ্ৰীসহ আটক দুজনকৈ অভিযুক্ত ৷
সেই অভিযানত বুধবাৰে নিশা আৰক্ষীয়ে আটক কৰে দুজনকৈ অভিযুক্তক ৷ অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰা সামগ্ৰী সমূহৰ মিল দেখে এজাহাৰ দাখিল কৰা লোকগৰাকীৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী সমূহৰ সৈতে ৷ তাৰ পাচতেই আটকাধীন ছাদ্দাম হুছেইন আৰু মইনুল হক নামৰ দুয়োজন অভিযুক্তৰ সৈতে সোধ-পোছ অব্যাহত ৰাখে আৰক্ষীয়ে ৷ সোধ-পোছৰ অন্তত নিশা প্ৰায় 9 বজাত আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এখন দোকানৰ পিচফালে থকা জাবৰ পেলোৱা ঠাইৰ পৰা উদ্ধাৰ কৰে অলংকাৰকে ধৰি লেপটপ,নগদ ধন আদি চুৰিৰ সামগ্ৰী ৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে চুৰি হোৱা সামগ্ৰীৰ লগতে,দুয়োজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:নগাঁৱত জব্দ নিচাজাতীয় ঔষধ