নগাঁও,20 ডিচেম্বৰ: নগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী ৷ নগাঁৱৰ আম্বেদকাৰ ভৱনত বিগত দহ ডিচেম্বৰত চুৰি কাৰ্যৰ ঘটনা সংঘটিত হৈছিল ৷ তাৰ পাচতে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শনিবাৰে নিশা অভিযান চলায় নগাঁৱৰ খ্ৰীষ্টিয়ান পট্টিত। অভিযান কালত নগাঁও আৰক্ষীয়ে চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰে ৷
নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ - তিনিজন লোকক আটক
নগাঁও আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই নগাঁৱৰ খ্ৰীষ্টিয়ান পট্টিৰ পৰা উদ্ধাৰ কৰে চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী ৷ দহ ডিচেম্বৰত নগাঁৱৰ আম্বেদকাৰ ভৱনত সংঘটিত হোৱা চুৰি কাৰ্যৰ গোচৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে ৷

নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ
নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ
উল্লেখ্য যে, ডিপু আহমেদ নামৰ চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে নিশা অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আন তিনিজন লোকক আটক কৰে ৷ আটক কৰা লোক কেইজনৰ নাম ক্ৰমে ছলমান ৰহমান,মজিবুৰ আলী আৰু ৱাচিম খন্দকাৰ ৷