অসম

assam

By

Published : Oct 26, 2022, 7:18 PM IST

ETV Bharat / state

Thief arrest at Dhing: ধিংবাসীৰ নিদ্ৰাহৰণ কৰা গভাইত চোৰক উত্তম-মধ্য়ম

ধিঙৰ বিভিন্ন এলেকাত বিগত কিছুদিন ধৰি চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা গভাইত চোৰক ৰাইজৰ উত্তম-মধ্য়ম (Theft at Dhing of Nagaon)। পিছত চোৰজনক ধিং আৰক্ষীক গতাই দিয়ে ৰাইজে ।

Thief arrest at Dhing
ধিংবাসীৰ নিদ্ৰাহৰণ কৰা গভাইত চোৰক উত্তম-মধ্য়ম

নগাঁও, ২৬ অক্টোবৰ:এশ গৰু মাৰিলে বাঘৰো মৰণ । এনে এক অবস্থাই হ'ল নগাঁৱৰ ধিং অঞ্চলৰ এটা গভাইত চোৰৰ । জিলাখনৰ ধিঙৰ বিভিন্ন এলেকাত বিগত কিছুদিন ধৰি চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা গভাইত চোৰজনক ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্য়ম সোধায় (Public beaten thief at Dhing)।

ধিংবাসীৰ নিদ্ৰাহৰণ কৰা গভাইত চোৰক উত্তম-মধ্য়ম

গভাইত চোৰ আব্দুল জলিলক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ব্য়ৰ্থ হ'লেও অৱশেষত ৰাইজেই আটক কৰিবলৈ সক্ষম হয় । মঙলবাৰে নিশা ধিঙৰ ১ নং কান্দুলিমাৰীৰ এটা বাসগৃহৰ পৰা এটা মটৰ চুৰি কৰা অৱস্থাতে হাতে-লোটে ধৰা পৰে গভাইত চোৰজন । স্থানীয় ৰাইজে চোৰজনক এটা খুঁটাত বান্ধি উত্তম-মধ্যম শোধায় । চোৰজনক পৰৱৰ্তী সময়ত ধিং আৰক্ষীক (Dhing police arrest thief) গতাই দিয়ে ।

উল্লেখ্য় যে ধৃত আব্দুল জলিলে বিগত কিছুদিন ধৰি অঞ্চলটোৰ বহু বাসগৃহত সামগ্ৰী চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে । আনকি অঞ্চলটোৰ বহু পৰিয়ালৰ একপ্ৰকাৰ নিদ্ৰাহৰণ কৰি আহিছে চোৰজনে ।

ইপিনে,চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ মাৰাথান অভিযান ৷ সোমবাৰে ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত চলা এক অভিযানত 22 টা গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে গাড়ী চালক আজগৰ আলীক আটক কৰে (Smuggled cattle vehicle seized at Rupahihat) ৷ অবৈধ চোৰাংভাৱে গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰা সময়ত গৰু ভৰ্তি বাহনখন আৰক্ষীয়ে খেদি-খেদি বেলতলীৰ পৰা জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS02-CC-2289 ৷

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটৰ্ঘনাত থিতাতে নিহত এগৰাকী মহিল

ABOUT THE AUTHOR

...view details