অসম

assam

ETV Bharat / state

কামপুৰত আৰক্ষীৰ অভিযান, জালত গভাইত চোৰ

কামপুৰ আৰক্ষীৰ বৃহৎ সফলতা। পাঁচ জনীয়া গভাইত চোৰৰ দলক আটক আৰক্ষীৰ। ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম ।

By

Published : Aug 16, 2019, 5:21 AM IST

Updated : Aug 16, 2019, 8:41 AM IST

কামপুৰ

বঢ়মপুৰ, 16 আগষ্টঃ কামপুৰ আৰক্ষীৰ বৃহৎ সফলতা। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰবিন্দ সিঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ১৫ আগষ্টৰ নিশা বিশেষ সূত্ৰৰ পম খেদি পাঁচ জনীয়া গভাইত চোৰৰ দলক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম । দীৰ্ঘদিন ধৰি চোৰৰ দলটোৱে কামপুৰৰ অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল । মহম্মদ আলীৰ কামপুৰ ঘিলানীৰ বাসগৃহ পৰা আৰক্ষীয়ে জেনেৰেটৰ, দুখন ফেন আৰু কম্পিউটাৰ মনিটৰৰ লগতে বহু নথি পত্ৰ উদ্ধাৰ কৰে । উল্লেখ্য যে ৮ আগষ্টৰ নিশা কামপুৰ দেৱনাৰিকলি গাওঁ পঞ্চায়তৰ এন আৰ চিৰ সেৱা কেন্দ্ৰত সংঘটিত চুৰি কাণ্ডৰ লগত জড়িত আছিল এই চোৰ কেইটা ৷

কামপুৰ
Last Updated : Aug 16, 2019, 8:41 AM IST

ABOUT THE AUTHOR

...view details