ৰহা,25 আগষ্টঃৰহাৰ গছপৰা গাৰোগাৱঁত গীৰ্জা ঘৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰে চুৰি কৰি লৈ গ’ল মূল্যবান সামগ্ৰীকে ধৰি নগদ ধন ৷
ৰহাৰ গছপাৰা গাৰোগাঁৱৰ গীৰ্জাত চাঞ্চল্যকৰ চুৰিকাণ্ড - theft
ৰহাৰ গছপাৰা গাৰোগাঁৱৰ গীৰ্জাত চোৰৰ দুষ্কাৰ্য ৷ চোৰে লৈ গ’ল মূল্যবান সামগ্ৰীকে ধৰি নগদ ধন ৷ দুৰ্বৃত্তৰ সন্ধানত আমচৈ আৰক্ষীৰ অভিযান ৷
ৰহাৰ গছপাৰা গাৰোগাঁৱৰ গীৰ্জাত চাঞ্চল্যকৰ চুৰিকাণ্ড
শনিবাৰে নিশা দুৰ্বৃত্তই গছপৰা গাৰোগাৱঁত থকা গীৰ্জাঘৰটোৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি ইনভাৰ্টাৰ, দানপাত্ৰত থকা ছয় হাজাৰ টকা, গীৰ্জাৰ ঘণ্টাকে ধৰি অন্যান্য মূল্যবান সা-সামগ্ৰী চুৰি কৰি লৈ যায়৷ ৰাতিপুৱাই এই চুৰিকাণ্ড পোহৰলৈ অহাত স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমচৈ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । এই চুৰি কাণ্ডই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷