নগাঁও, 27 জুলাই:বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বাবে এক সুখবৰ ৷ বিশেষকৈ বন্যপ্ৰেমী সকলৰ বাবে এই ভাললগা এই খবৰ ৷
অসমত সচৰাচৰ মানাহ অভয়াৰণ্য আৰু কাজিৰঙাৰ বাহিৰে অন্য অৰণ্য সমূহত পোৱা নাযায় বাঘ ৷ কিন্তু মধ্য অসমৰ লাওখোৱা অভয়াৰণ্যৰ ৰেঞ্জাৰসকলে প্ৰথমবাৰৰ বাবে অভয়াৰণ্য খনত প্ৰত্যক্ষ কৰিলে বাঘৰ সফল প্ৰজনন ৷
সুখবৰ: লাওখোৱা অভয়াৰণ্য বাঘৰ সফল প্ৰজনন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণৰ বিভাগীয় টুইটাৰযোগে বিষয়া সকলে উল্লেখ কৰে এই কথা ৷ টুইটাৰত এই বিষয়ে উল্লেখ কৰে যে, পোনপ্ৰথম বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত দেখিবলৈ পোৱা গৈছে বাঘৰ সফল প্ৰজনন ৷ সমগ্ৰ দৃশ্যৰ সাক্ষ্য বন্দী হ'ল কেমেৰাত ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি সেই পোৱালি কেইটা প্ৰায় 1-2 বছৰ বয়সৰ হ'ব যদিও এতিয়ালৈ সিহঁতৰ লিংগ সম্পৰ্কে জানিব পৰা যোৱা নাই ৷
লগতে পঢ়ক:ক'ত হেৰাল চৰকাৰৰ ভাষা ৰক্ষাৰ প্ৰতিশ্ৰুতি : অসমীয়া ভাষা নাজানিলেও চাকৰি পাব দিছপুৰত