অসম

assam

ETV Bharat / state

নগাঁৱত গৰিয়া মৰিয়া দেশীয় পৰিষদৰ বৌদ্ধিক আলোচনা চক্ৰ - আলোচনা চক্ৰ

নগাঁৱত "অস্তিত্বৰ সংকটত অসমৰ থলুৱা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠী" শীৰ্ষক বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

নগাঁৱত গৰিয়া মৰিয়া দেশীয় পৰিষদৰ বৌদ্ধিক আলোচনা চক্ৰ
নগাঁৱত গৰিয়া মৰিয়া দেশীয় পৰিষদৰ বৌদ্ধিক আলোচনা চক্ৰ।

By

Published : Oct 18, 2020, 4:27 PM IST

নগাঁও 18 অক্টোবৰ : নগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বৌদ্ধিক আলোচনা চক্ৰ । অস্তিত্বৰ সংকটত ভোগা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ চৰকাৰী জৰীপৰ দাবী ।

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত নগাঁৱত এখনি বৌদ্ধিক আলোচনা চক্ৰ সম্পন্ন কৰা হয় । নগাঁও চহৰৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত হোৱা এই বৌদ্ধিক আলোচনা চক্ৰখনত গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলৰ সংকট নিৰাময়ৰ সন্দৰ্ভত আলোকপাত কৰা হয় । "অস্তিত্বৰ সংকটত অসমৰ থলুৱা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠী" শীৰ্ষক এই বৌদ্ধিক আলোচনা চক্ৰখনত ড৹ আবু হানিফা,হাফিজুল আহমেদ,নজমল হুছেইন আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ৷ এই আলোচনাৰ মজিয়াৰ পৰা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলৰ চৰকাৰীভাৱে জৰীপ কৰিবলৈ ৰজাঘৰীয়াক আহ্বান জনায় ।

লগতে পঢ়ক :ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ

ABOUT THE AUTHOR

...view details