নগাঁও,4 অক্টোবৰঃ বিগত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা নগাঁও সমষ্টিটো কংগ্ৰেছে হস্তগত কৰিবলৈ সক্ষম হৈছিল যদিও ৰাজ্যত দলটোৰ পৰা বিজেপিলৈ অব্যাহত আছে সৰু-বৰ নেতাৰ গমন ৷ শুক্ৰবাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ এসময়ৰ ঘনিষ্ঠ বহু কংগ্ৰেছীয়ে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত । কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যসহ কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে । নগাঁও সদৰ সমষ্টিৰ ভকতগাওঁ জিলা পৰিষদৰ কংগ্ৰেছ সদস্য ৱাজী উল্লাহ কবিৰ, দুগৰাকী পঞ্চায়ত সভাপতি আৰু ৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ সদস্যইও কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ নগাওঁ জিলা এন এছ ইউ আই ৰ প্ৰাক্তন সভাপতি তথা ভকতগাওঁ জিলা পৰিষদৰ সদস্য ৱাজী উল্লাহ কবিৰ বহু সমৰ্থকসহ বিজেপিয়ে যোগদান কৰাত কংগ্ৰেছৰ ভেটিত এক মোক্ষম আঘাত হিচাবে বিবেচিত হৈছে । দলত্যাগী কংগ্ৰেছ সদস্যসকলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিগত লোকসভা নিৰ্বাচনত দিন-ৰাতি একাকাৰ কৰি প্ৰদ্যুৎ বৰদলৈয়ে জয়ী হোৱাৰ পিছৰ পৰা কংগ্ৰেছ কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে বিজেপিত যোগদান কৰা দলত্যাগী কংগ্ৰেছ কৰ্মীসকলে ।
নগাঁও কংগ্ৰেছত অব্যাহত খহনীয়াঃ বিজেপিত যোগদান একাংশ দলত্যাগী কংগ্ৰেছীৰ - BJP new joining in Nagaon
নগাঁও কংগ্ৰেছত অব্যাহত খহনীয়া ৷ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে জিলা পৰিষদৰ সদস্যসহ কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে ৷
নগাঁৱত 5 জনকৈ কংগ্ৰেছ জিলা পৰিষদ সদস্যৰ বিজেপিত যোগদান
লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই কৰা উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে কংগ্ৰেছ ত্যাগ কৰা নেতা কৰ্মীয়ে । শুক্ৰবাৰে নগাওঁ কমলা তোদী ভৱনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে বিধায়ক ৰূপক শৰ্মাই বিজেপিত যোগদান কৰা নেতা কৰ্মীক আদৰণি জনায় ৷
লগতে চাওক