তিনিগৰাকী শিশু বিজ্ঞানীয়ে প্ৰস্তুত কৰি উলিয়াইছে এক অভিনৱ গতিৰোধক মডেল নগাঁও, 22 মাৰ্চ: বাহনেৰে ৰাজপথত থকা গতিৰোধক অতিক্ৰম কৰোতে যাত্ৰীসকলে অনুভৱ কৰে এক জোকাৰণি ৷ মন্থৰ গতিত গতিৰোধক অতিক্ৰম কৰিলেও অনুভূত হয় জোকাৰণি ৷ বহু সময়ত ৰোগী আৰু বয়সস্থ লোকৰ লগতে অন্যান্য লোকৰ বাবেও ই অতি কষ্টদায়ক হৈ পৰে ৷
এই সমস্যা দূৰ কৰিবৰ বাবে তিনিগৰাকী শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছে এক বিকল্প চিন্তা ৷ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাস্থিত বাঘজানৰ 'বিমলা একাডেমী' নামৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়খনৰ তিনিগৰাকী শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এক বিকল্প উপায় (Innovative Speed Breaker Model) ৷
বিদ্যালয়খনৰ শিক্ষক যতীন বৰাৰ তত্বাৱধানত তিনি শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এক গতিৰোধক, যি গতিৰোধকৰ ওপৰেৰে 20 কিলোমিটাৰ গতি বেগেৰে গাড়ী পাৰ হ'লেও কোনো ধৰণৰ জোকাৰণিৰ সৃষ্টি নহয় (Innovative speed breaker model of three students from Nagaon) ৷
একাডেমীখনৰ সপ্তম শ্ৰেণীৰ কৃষ্টি ছেত্ৰী, অনিমেষ শৰ্মা আৰু আৰমান শ্বেখ নামৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটি জাৰ্কিং ষ্টপ মডেল ৷ তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত "North East Regional Science Exhibition" ত প্ৰথম স্থান লাভ কৰাৰ পাছত গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজত অনুষ্ঠিত হোৱা "North East Mega Science Exhibition" টো শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হয় এই মডেলটিয়ে (Students from NagaoN invented speed breaker model) ৷
জানিব পৰা মতে, মডেল নির্মাণকাৰী শিশু বিজ্ঞানী কেইগৰাকীক বঁটা, নগদ ধনৰ লগতে ছিংগাপুৰ ভ্ৰমণৰ সুবিধাও আগবঢ়োৱাইছে উদ্যোক্তা সংগঠনটোৱে ৷ তত্বাৱধায়ক গৰাকীয়েও বঁটা আৰু দলটোৰ লগত চিংগাপুৰ ভ্ৰমণৰ সুবিধা লাভ কৰিছে ৷ ছাত্ৰ-ছাত্ৰী দলটোৰ এই কৃতিত্বত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলৰ লগতে অভিভাৱক সকলেও আনন্দ প্ৰকাশ কৰিছে।
শিশু বিজ্ঞানী কেইগৰাকীয়ে উদ্ভাৱন কৰা এই ব্যৱস্থা বাস্তৱত কাৰ্যকৰী হ’লে পথ পৰিবহন যাত্ৰীসকলৰ বাবে সুখকৰ হ'ব বুলিও অনুভৱ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ এই উদ্ভাৱনে যাতায়তৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলিও যথেষ্ট চৰ্চিত হৈছে ৷
লগতে পঢ়ক:Special Review Meeting of Public Health: কলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ পৰ্যালোচনা বৈঠক