অসম

assam

ETV Bharat / state

কৰ'ণা আক্ৰান্তই চিন্তিত কৰিলে নগাঁও জিলা স্বাস্থ্য বিভাগক - ৰেপিড এণ্টিজেন টেষ্ট

নগাঁৱৰ চামগুৰিত শনিবাৰে সন্ধিয়া এগৰাকী কৰ'ণা আক্ৰান্ত লোকে চিন্তিত কৰি তুলিলে জিলা স্বাস্থ্য বিভাগক ৷ চামগুৰি ফুকনটোল নিবাসী পেছাত গাড়ী চালক ৪৮ বছৰীয়া খগেন মুক্তিয়াৰ নামৰ লোকজনে দুদিনমান পূৰ্বে ডিব্ৰুগড়লৈ ভাড়ালৈ যোৱাৰ পাচত হঠাৎ অসুস্থ হৈ পৰিছিল ৷

এগৰাকী কৰ'ণা আক্ৰান্তই চিন্তিত কৰি তুলিলে নগাঁও জিলা স্বাস্থ্য বিভাগক
এগৰাকী কৰ'ণা আক্ৰান্তই চিন্তিত কৰি তুলিলে নগাঁও জিলা স্বাস্থ্য বিভাগক

By

Published : May 2, 2021, 3:35 PM IST

চামগুৰি,2 মে': নগাঁৱত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে ৷ দৈনিক বহু লোকৰ সংক্ৰমণে চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগক ৷ নগাঁৱৰ চামগুৰিত শনিবাৰে সন্ধিয়া এগৰাকী কৰ'ণা আক্ৰান্ত লোকে চিন্তিত কৰি তুলিলে জিলা স্বাস্থ্য বিভাগক ৷ চামগুৰি ফুকনটোল নিবাসী পেছাত গাড়ী চালক ৪৮ বছৰীয়া খগেন মুক্তিয়াৰ নামৰ লোকজনে দুদিনমান পূৰ্বে ডিব্ৰুগড়লৈ ভাড়ালৈ যোৱাৰ পাচত হঠাৎ অসুস্থ হৈ পৰিছিল ৷

এগৰাকী কৰ'ণা আক্ৰান্তই চিন্তিত কৰি তুলিলে নগাঁও জিলা স্বাস্থ্য বিভাগক

বাৰে বাৰে অঞ্চলটোৰ একাংশলোকে চালক খগেন মুক্তিয়াৰক ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ পৰামৰ্শ দিছিল যদিও কোনো গুৰুত্ব নিদিলে ৷ কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে লোকজনে নগাঁৱত ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত চালকজনৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইচ'লেচনত থাকে যদিও সন্ধিয়াৰ ভাগত যথেষ্ট পৰিমানে শ্বাস-প্ৰশ্বাস ল‘বলৈ কষ্ট পোৱাত লোকজনক ততাতৈয়াকৈ নগাঁৱৰ ক‘ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰন কৰে ৷

লগতে পঢ়ক:কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা...

ABOUT THE AUTHOR

...view details