নগাঁও,২ ছেপ্টেম্বৰ: আজি বিশ্ব নাৰিকল দিৱস । উৎকট গৰমত বজাৰত উভৈনদী হৈ পৰা বিভিন্ন কোম্পানীৰ শীতল পনীয়াতকৈ উৎকৃষ্ট বুলি বিবেচিত হৈ আহিছে ডাব নাৰিকলৰ পানী । উৎকট গৰমৰ পৰা যেন কিছু হলেও পৰিত্ৰাণ দিবলৈ নগাঁও মৰিগাঁও জিলাৰ সীমান্তত প্ৰায় ৩৫ বছৰ পূৰ্বেই গঢ়ি উঠিছিল ডাব নাৰিকলৰ এখন বজাৰ ।
সম্প্ৰতি মধ্য অসমৰ ভিতৰতেই এখন বৃহৎ ডাব নাৰিকলৰ বজাৰ হিচাপে চিহ্নিত হৈছে নগাঁও মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ বজাৰখন । বজাৰ নিয়ন্ত্ৰণত জড়িত হৈ আহিছে পুৰুষৰ লগতে বহু মহিলাও । সম্প্ৰতি বহুতৰে দৃষ্টি আকৰ্ষণ কৰা ঠেকেৰাগুৰিৰ এই বজাৰখনত বিভিন্নজনে এপলক হ'লেও বাহন ৰখাই ডাবৰ পানী পান কৰি কিছু হ'লেও নিজকে শীতল কৰাৰ চেষ্টা কৰে ।
বজাৰত ৰং বিৰঙৰ শীতল পানীয় উভৈনদী হৈ পৰিছে যদিও কিন্তু বিভিন্ন শীতল পানীয়ৰ বিপৰীতে ৰাইজক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত শীতল পানীয় যোগান ধৰি আহিছে গুৱাহাটী উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ এই বজাৰখনে । সম্প্ৰতি আঁহতগুৰি পৰ্যন্ত সম্প্ৰসাৰিত এই ডাবৰ বজাৰখন মাত্ৰ কেইজনমান লোকে প্ৰায় ৩৫ বছৰ পূৰ্বে কৰিছিল আৰম্ভণি ৷ ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কেবাশতাধিক লোক ।