কলিয়াবৰ, 22 নৱেম্বৰ :কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Kaliabhomora Bridge Accident) ৷ দলঙৰ ৰেলিং ভাঙি সৰি পৰিল ট্ৰাক ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছডিআৰএফ (SDRF) দলে ৷
সোমবাৰে পুৱতি নিশা দলঙৰ ১৩ আৰু ১৪ নম্বৰৰ পিলাৰৰ মাজত থকা চিমেণ্টৰ বেৰিকেড ভাঙি ব্ৰহ্মপুত্ৰত সৰি পৰে ট্ৰাকখন ৷ SDRF ৰ ডুবাৰুসকলে নদীৰ 25 ফুট গভীৰতাৰ পৰা ট্ৰাকখন বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে ট্ৰাকখনত থকা কোনো লোকৰ সন্ধান লাভ কৰিব পৰা নাই ডুবাৰুসকলে ৷
সোমবাৰে পুৱা আৰক্ষীৰ এক তহলদাৰী গোটে দলঙৰ ভঙা ৰেলিং দেখি এই বিষয়ে অনুসন্ধান কৰাতহে বিষয়টো পোহৰলৈ আহে ৷ দলং নিৰ্মাণ সংস্থা গেমন ইণ্ডিয়াৰ এক সূত্ৰই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷ দলং নিৰ্মাণ প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ পৰা এটা বাৰ্জ সংগ্ৰহ কৰি ক্ৰেইনৰ দ্বাৰা চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷