ধিং, ২৫ আগষ্ট : ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত ওলাইছে চাইনা ডন (China Don) । চীনত হেনো কোনোবা এখন বিদ্যালয়ত ১৫০ গৰাকী ছাত্র-ছাত্ৰীক গুলীয়াই মাৰিছে এই চাইনা ডনে । ঠিক তেনেদৰেই ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্রসকলকো গুলীয়াই মাৰিব চাইনা ডনে । তাৰেই আৰম্ভণি হিচাপে বুধবাৰে নিশা চাইনা ডনে মদ্যপান কৰি এগৰাকী ছাত্ৰক চলালে হত্যাৰ চেষ্টা (tried to killed student consuming alcohol) ।
পিছে কোন এইগৰাকী চাইনা ডন ? ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ চাইনা ডনৰূপী এইজন হৈছে সংগীত শিক্ষক জ্যোতি প্ৰসাদ গৌৰ । মাত্ৰ দহদিনমানৰ পূৰ্বে একাংশ ছাত্ৰক চীন দেশৰ লগত তুলনা কৰি দিছিল হত্যাৰ ভাবুকি । অৱশেষত সেয়াই হ'লগৈ । বুধবাৰে নিশা এইগৰাকী চাইনা ডনৰূপী শিক্ষকে সুৰামত্ত অৱস্থাত বিদ্যালয়ৰ ভিতৰতেই এগৰাকী ছাত্ৰক চলালে হত্যাৰ চেষ্টা (alcoholic Teacher tried to kill student) ।
সুৰামত্ত শিক্ষকজনে মদ্যপান কৰি এজন ছাত্ৰক বেয়াকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পাছতেই বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tension at Dhing Jawahar Navodaya Vidyalaya) । চাইনা ডনৰ আক্ৰমণত আঘাতপ্রাপ্ত ছাত্ৰজন ধিঙৰ লহকৰ গাঁৱৰ বিকাশ দাস । নিশাই আঘাতপ্ৰাপ্ত ছাত্ৰজনক লগত লৈ প্ৰায় ৫০ গৰাকী ছাত্ৰই নিশাৰ এন্ধাৰত দুই কিলোমিটাৰ পথ খোজকাঢ়ি ধিং থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে (complain lodged at Dhing Police Station) ।