অসম

assam

By

Published : Jul 20, 2021, 11:31 AM IST

ETV Bharat / state

স্কুল চলাব কোনে হেড ছাৰ নে হেড বাইদেউৱে ?

2018 চনত বিদ্যালয় দুখনক চৰকাৰী নিৰ্দেশ অনুসৰি একত্ৰীকৰণ কৰা হৈছিল চামগুৰি সমষ্টিৰ ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কনোৱামাৰীস্থিত দুখন বিদ্যালয় ৷ ইয়াৰে এখন প্ৰাথমিক বিদ্যালয় আৰু আনখন মধ্য ইংৰাজী বিদ্যালয় (ME school) ৷ সম্প্ৰতি বিদ্যালয় দুখনত প্ৰধান শিক্ষক পদৰ বাবে সৃষ্টি হৈছে অচলাৱস্থাৰ ৷

tension among two teachers for headmasters post effected educational environment of a school in nagaon
স্কুল চলাব কোনে হেড ছাৰ নে হেড বাইদেউৱে ?

চামগুৰি, 20 জুলাই : চামগুৰি সমষ্টিৰ ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কনোৱামাৰীস্থিত দুখন বিদ্যালয়, ইয়াৰে এখন প্ৰাথমিক বিদ্যালয় আৰু আনখন মধ্য ইংৰাজী বিদ্যালয়(ME school) ৷ 2018 চনত বিদ্যালয় দুখনক চৰকাৰী নিৰ্দেশ অনুসৰি একত্ৰীকৰণ (amalgamation of school) কৰা হৈছিল ৷ একেটা চৌহদতে থকা বিদ্যালয়দুখন একত্ৰীকৰণৰ পিছত মধ্য ইংৰাজী বিদ্যালয়খনৰ নামেৰে ‘বি চি দাস কনোৱামাৰী মধ্য ইংৰাজী বিদ্যালয়’ ৰূপে চিহ্নিত হ’ল ৷ অৱশ্যে, কনোৱামাৰীৰ একাংশ ৰাইজে অভিযোগ কৰা অনুসৰি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে সহযোগ কৰা নাছিল এই একত্ৰীকৰণ পক্ৰিয়াত ৷

স্কুল চলাব কোনে হেড ছাৰ নে হেড বাইদেউৱে ?

বিগত মাৰ্চ মাহত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজিত কুমাৰ ভাট্টচৰ্যই অৱসৰ গ্ৰহন কৰি গোসাই চন্দ্ৰ দাস নামৰ শিক্ষকজনক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ অৰ্পণ কৰে ৷ কিন্তু শেহতীয়াকৈ, পূৰ্বৰ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীক বিভাগীয়ভাৱে একত্ৰীত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত কৰা হয় ৷ এই কথাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজ, কিয়নো তেওঁলোকৰ মতে বিদ্যালয়ৰ একত্ৰীকৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে সহযোগ কৰা নাছিল আৰু প্ৰাথমিক বিদ্যালয়খন তেওঁ সুকীয়াকৈ পৰিচালনা কৰি আহিছে ৷

ইফালে, প্ৰধান শিক্ষয়িত্ৰী মিনতি আচাৰ্যই দাবী কৰিছে যে, জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষয়িত্ৰীৰ পদ তেওঁহে পাব লাগে ৷ সেই হেতুকে, তেওঁৰ নিযুক্তি সম্পূৰ্ণ যুক্তি সংগত আৰু আইনী প্ৰক্ৰিয়াৰে হোৱা বুলি তেওঁ মন্তব্য কৰে ৷ ইয়াৰ লগতে, আপত্তি কৰা সকল কোনো ৰাইজ নহয় এটা পৰিয়ালৰ লোকহে বুলি তেওঁ দাবী কৰিছে ৷

উল্লেখ্য যে, সম্প্ৰতি এনে পৰিস্থিতিত বিদ্যালয়খনত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ এই পৰিপ্ৰেক্ষিতত বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ৷ অন্যথা অভিযোগ আৰু প্ৰতি অভিযোগত বিনষ্ট হোৱা শৈক্ষিক পৰিৱেশৰ অৱনতিহে হ’ব বুলি চিন্তা প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :জ্যেষ্ঠ IPS বিষয়া অনুৰাগ টাংখাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details