অসম

assam

By

Published : Feb 18, 2023, 8:20 PM IST

ETV Bharat / state

Tense situation in NMCH: নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁও শিশু আৰু প্ৰসূতি চিকিৎসালয়

পুনৰ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি চিকিৎসালয় (Mohkhuli Maternity and Child Health Hospital)। এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত । চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ। চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসৱৰ পূৰ্বেই নৱজাতকৰ মৃত্যুৰ অভিযোগ।

Tense situation over death of newborn in NMCH
উত্তপ্ত নগাঁৱৰ ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি চিকিৎসালয়

উত্তপ্ত নগাঁৱৰ ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি চিকিৎসালয়

নগাঁও, 18 ফেব্ৰুৱাৰী: নিৰ্মীয়মান নগাঁও মেডিকেল কলেজত ইতিমধ্যে আৰম্ভ হৈছে চিকিৎসা সেৱা (Nagaon Medical College NMCH) ৷ নগাঁও মেডিকেল কলেজত বহিঃবিভাগ আৰম্ভ হোৱাৰ পূৰ্বেই নগাঁৱৰ ম’হখুলিস্থিত নগাঁও মেডিকেল কলেজত আৰম্ভ হৈছিল শিশু আৰু প্ৰসূতি চিকিৎসা কেন্দ্ৰ (Mohkhuli Maternity and Child Health Hospital) ।

নগাঁও শিশু আৰু প্ৰসূতি বিভাগত পূৰ্বে কেইবাবাৰো চিকিৎসকৰ বিৰুদ্ধে চিকিৎসা সেৱাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল । এইবাৰ পুনৰ নগাঁও ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শনিবাৰে (Tense situation over death of newborn in NMCH)।

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, নগাঁৱৰ ৰাঙলুৰ মৌচুমী বেগম নামৰ এগৰাকী মহিলাক শুকুৰবাৰে নিশা ৯ মান বজাত ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত । নিশাৰে পৰাই চিকিৎসালয়খনৰ চিকিৎসক নাৰ্চৰ পৰ্যবেক্ষণত আছিল মৌচুমী বেগম নামৰ মহিলাগৰাকী । পুৱালৈকে মহিলাগৰাকীৰ লগতে গৰ্ভত থকা সন্তানো সুস্থ থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে পৰিয়ালৰ লোকে । এইখিনিলৈকে সকলো ঠিকেই আছিল ৷

কিন্তু তাৰ কিছু সময় পিছতেই মহিলাগৰাকীৰ গৰ্ভত থকা সন্তান মৃত বুলি পুনৰ পৰিয়ালৰ লোকক অৱগত কৰে চিকিৎসকে । মহিলাগৰাকীৰ গৰ্ভতে সন্তানৰ মৃত্যু হোৱা বুলি গম পোৱাৰ পিছতেই চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোক । ইয়াৰ পিছতেই মহিলাগৰাকীৰ গৰ্ভত থকা সন্তানৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ বাবেই সন্তানটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে (Newborn dies due to alleged doctors negligence at NMCH)।

চিকিৎসকৰ গাফিলতিৰ বাবেই নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মৌচুমী বেগম নামৰ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসালয়খনত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation at hospital after death of baby)। মহিলাগৰাকীৰ গৰ্ভতে সন্তানৰ মৃত্যু হোৱাৰ পিছত ছিজাৰিয়ান সম্পন্ন হয় মহিলাগৰাকীৰ । সম্প্ৰতি সংকটজনক অৱস্থাতেই ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে প্ৰসূতি গৰাকী ।

লগতে পঢ়ক:Sivsagar BJP Leader Passed Away : বিজেপি নেত্ৰী উমপা বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details