কলিয়াবৰ,9 জুন: চালকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি কলিয়াবৰৰ মিছা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । মিছাৰ বালিবাটস্থিৰ এ. বি. ইণ্ডাষ্ট্ৰী নামৰ শিলভঙা উদ্যোগটোৰ পৰিচালকে এজন চালকক নিৰ্মমভাৱে প্ৰহাৰ কৰে । উদ্যোগটোত কৰ্মৰত জিতেন বৰ্মন নামৰ ডাম্পাৰ চালকজনক তেল চুৰিৰ মিছা অভিযোগ দি প্ৰহাৰ কৰে উদ্যোগটোৰ পৰিচালক আতাউৰ ৰহমানে । পৰিচালক আতাউৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চালকজনৰ ওপৰত মালিকে তেল চুৰিৰ এজেহাৰ দিয়ে আৰক্ষী চকীত । পৰৱৰ্তী সময়ত উদ্যোগটোত উপস্থিত হৈ আৰক্ষীয়েও চালকজনক প্ৰহাৰ কৰা অভিযোগ উদ্যোগটোত কৰ্মৰত চালকসকলৰ । তাৰ পিচতে উদ্যোগটোত কৰ্মৰত চালক সন্থাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মিছা আৰক্ষী চকীত । শিলভঙা উদ্যোগটোৰ পৰিচালকৰ ওপৰত আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ।
চালকক প্ৰহাৰক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি - চালক
কলিয়াবৰৰ মিছাত উত্তপ্ত পৰিস্থিতি, পৰিচালকে প্ৰহাৰ কৰিলে ডাম্পাৰ চালকক ৷ এটা শিল ভঙা উদ্যোগত কৰ্মৰত চালকক প্ৰহাৰক কেন্দ্ৰ কৰি মিছা আৰক্ষী চকীত চালক সন্থাৰ প্ৰতিবাদ ৷
চালকক প্ৰহাৰক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
লগতে পঢ়ক: বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী!
শিলভঙা উদ্যোগটোৰ পৰিচালক আতাউৰ ৰহমানে প্ৰায়ে চালক-শ্ৰমিকসকলৰ ওপৰত নিৰ্যাতন চলোৱা অভিযোগ তোলে উদ্যোগটোত কৰ্মৰত একাংশ শ্ৰমিকে । সৰু-সৰু কথাতে অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰিকিকভাৱে আক্ৰমণ কৰে শ্ৰমিক তথা চালকক ।