অসম

assam

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:37 PM IST

ETV Bharat / state

Tense Situation in Nagaon : ৰকিবুল হুছেইনৰ সমষ্টিত পুনৰ কংগ্ৰেছীৰ বাধাৰ সন্মুখীন বিধায়ক আমিনুল

চামগুৰিত অব্যাহত আছে ৰকিবুল হুছেইনৰ ৰাজত্ব ৷ এ আই ইউ ডি এফৰ সভাত বাধা দিবলৈ ওলাই আহিল ৰকিবুল হুছেইনৰ বাহিনী ৷ ইয়াকে লৈ উত্তপ্ত হ’ল চামগুৰিৰ কাঠপাৰা ৷ কংগ্ৰেছৰ শাসনকালৰ পৰাই সমষ্টিটোত জংঘলৰাজ চলাৰ অভিযোগ উত্থাপন হৈছে ৷

aiudf meeting in nagaon
কংগ্ৰেছীৰ বাধাৰ সন্মুখীন বিধায়ক আমিনুল

কংগ্ৰেছীৰ বাধাৰ সন্মুখীন বিধায়ক আমিনুল

নগাঁও, 21 অক্টোবৰ : লোকসভা নিৰ্বাচনলৈ এতিয়াও বাকী ছমাহতকৈ অধিক সময় । কিন্তু এতিয়াই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত যেন আৰম্ভ হ'ল নিৰ্বাচনী হিংসা । ৰকিবুল হুছেইনৰ চামগুৰিত যেন সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰা এক পৰিবেশ আজিও বিৰাজমান । আজিও যেন কংগ্ৰেছী ৰাজত- বাধা, অপদস্থৰ সন্মুখীন হয় আন ৰাজনৈতিক দলৰ নেতা । শুকুৰবাৰে এনে এক পৰিস্থিতিৰেই সন্মুখীন হ'ল এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত এ আই ইউ ডি এফ দলক যেন আৰম্ভণিৰ পৰাই সভা সমিতি অনুষ্ঠিত কৰিবলৈ দিয়া নাই একাংশ কংগ্ৰেছীয়ে ।

শুকুৰবাৰে সন্ধিয়া সমষ্টিটোৰ কাঠপাৰাত এ আই ইউ ডি এফ দলৰ এখন সভাত বিধায়ক আমিনুল ইছলামক বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ । সমষ্টিটোত এখন ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবলৈ যোৱা বিধায়ক আমিনুল ইছলামক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ কংগ্ৰেছীৰ বিৰুদ্ধে । আনকি বিধায়ক আমিনুল ইছলামক আক্ৰমণৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে একাংশ কংগ্ৰেছীৰ বিৰুদ্ধে । ৰকিবুল হুছেইনৰ একাংশ সমৰ্থকে বিধায়ক আমিনুল ইছলামক ঘেৰাও কৰি সভা অনুষ্ঠিত কৰাত প্ৰদান কৰে বাধা । ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

মুহুৰ্তৰ ভিতৰতে শতাধিক AIUDF কৰ্মী সমৰ্থক ওলাই আহি নানা শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । পৰৱৰ্তী সময়ত অৱশ্যে স্থান এৰি আঁতৰি যায় ৰকিবুল বাহিনী । উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা এ আই ইউ ডি এফৰ সভাত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰা দলটোৰ নেতৃত্বত এগৰাকী শিক্ষকৰূপী কংগ্ৰেছ নেতা থকাৰো অভিযোগ উত্থাপন হৈছে । কাঠপাৰাৰ অনুষ্ঠান আধাতে সামৰি আঁতৰি যায় বিধায়ক আমিনুল ইছলামো । কংগ্ৰেছৰ শাসনকালৰ পৰাই সমষ্টিটোত একাংশই জংঘলৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অমিনুল ইছলামে ।

উল্লেখযোগ্য যে, ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত ২০০৬ চনতো এ আই ইউ ডি এফ দলৰ খোদ সভাপতি বদৰুদ্দিন আজমলেই প্ৰৱেশ কৰিব পৰা নাছিল । আনকি ২০১৬ চনত চামগুৰি সমষ্টিত অনুষ্ঠিত বিজেপিৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও সন্মুখীন হ’বলগীয়া হৈছিল বহু অনাকাংক্ষিত পৰিস্থিতিৰ । বৰ্তমান চৰকাৰ সলনি হ’লেও চামগুৰিৰ পূৰ্বৰ ৰাজনৈতিক পৰিবেশৰ যেন আজিও হোৱা নাই কোনো পৰিৱৰ্তন ।

লগতে পঢ়ক:Rakibul Hussain : পতনৰ আগে-আগে কংগ্ৰেছে কোৱা কথাবোৰ চেৰেং চেৰেংকৈ মনত পৰিছে ৰকিবুল হুছেইনৰ

ABOUT THE AUTHOR

...view details