অসম

assam

ETV Bharat / state

অস্ত্ৰধাৰী যুৱকৰ দলক কেন্দ্ৰ কৰি নিশা ৰূপহীহাটত আতংকময় পৰিৱেশ - Rupohihat Police

নিশা পাঁচ অস্ত্ৰধাৰী যুৱকক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Rupohihat) নগাঁৱৰ ৰূপহীহাটৰ পুথিখাইতী গাঁৱত (Tense situation) ৷ ডকাইতৰ উদ্দেশ্যেৰে এখন চাৰিচকীয়া বাহন আৰু এখন বাইকত আহিছিল কেইবাজনো অস্ত্ৰধাৰী যুৱক ৷ তাৰে এজন দুৰ্বৃত্তক কৰায়ত্ত কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে (Kawaimari Police) ৷

Tense situation at Puthikhaiti village of Rupohihat
নিশা ৰূপহীহাটৰ পুথিখাইতী গাঁৱত আতংকময় পৰিৱেশ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 12:33 PM IST

নিশা ৰূপহীহাটৰ পুথিখাইতী গাঁৱত আতংকময় পৰিৱেশ

নগাঁও, 18 ডিচেম্বৰ :অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি নগাঁৱৰ বিভিন্ন অঞ্চল ! উল্লেখ্য যে, দেওবাৰে নিশা পাঁচ অস্ত্ৰধাৰী যুৱকক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হয় নগাঁৱৰ ৰূপহীহাটৰ পুথিখাইতী গাঁৱত ৷ ৰাইজৰ অভিযোগ অনুসৰি, ডকাইতিৰ উদ্দেশ্যেৰে দেওবাৰে নিশা এখন চাৰিচকীয়া বাহনত পাঁচজনকৈ অস্ত্ৰধাৰী যুৱক দলৰ সৈতে এখন বাইকত আহিছিল দুজনকৈ যুৱক ৷

কিন্তু সন্দেহ ওপজাত বাইকত অহা যুৱককেইজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰিছিল স্থানীয় ৰাইজে ৷ তেনে সময়তে চাৰিচকীয়া বাহনত অহা অস্ত্ৰধাৰী যুৱকৰ দলে এজন স্থানীয় লোকৰ মূৰত পিষ্টল টোঁৱাই লোকজনক হত্যাৰ ভাবুকি দিয়ে ৷ তাৰ পাচতে চাৰিচকীয়া বাহনত অহা যুৱককেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

কিন্তু অস্ত্ৰধাৰী দলটোৰ লগত বাইকত অহা দুই যুৱকে পলায়নৰ চেষ্টা কৰোঁতে এজন যুৱকক আটক কৰে ৰাইজে ৷ পৰৱৰ্তী সময়ত আটক কৰা যুৱকজনক ৰাইজে কাৱৈমাৰী আৰক্ষীক গতাই দিয়ে ৷ উক্ত ঘটনাক লৈ নিশাৰ ভাগত ৰূপহীহাটৰ পুথিখাইতী গাঁৱত উত্তেজনাই বিৰাজ কৰে ৷ ইফালে ৰাইজে খবৰ দিয়াৰ পাচত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় কাৱৈমাৰী আৰক্ষী ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে, ৰাইজে গতাই দিয়া যুৱকজনক বৰ্তমানেও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সন্দৰ্ভত ৰাইজে কয়, ‘‘এখন বাইক আৰু চাৰিচকীয়া বাহনখন ৰৈ আছিল ৷ তেনেতে আমি সোধ-পোচ কৰাত ইয়াত কাম আছে বুলি তেওঁলোকে ক’লে ৷ আমি প্ৰশ্ন কৰিলো ইমান ৰাতি কি কাম আছে ! কোনে ইয়ালৈ পঠিয়াইছে ! তেতিয়া তেওঁলোকে গুৱাহাটীৰ পৰা আহিছিল বুলি কৈছিল ৷ কিন্তু ৰাইজৰ সমাগম দেখি অস্ত্ৰ দেখুৱাই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷’’

লগতে পঢ়ক :মৃতদেহ লৈ ৰহাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাইজে

ABOUT THE AUTHOR

...view details