অসম

assam

By

Published : Jul 8, 2020, 5:13 PM IST

ETV Bharat / state

বিদ্যুতৰ খুটা স্থাপনক কেন্দ্ৰ কৰি কচুৱাৰ ৰাঙলু বস্তিত উত্তেজনা

এটা বিদ্যুত খুটাৰ স্থাপনক কেন্দ্ৰ কৰি বুধবাৰে কামপুৰৰ কচুৱা ৰাঙলু বস্তিত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । পট্টা থকা ভূমিত বিদ্যুতৰ খুটা স্থাপনক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ।

tense-situation-at-kampur-due-to-electric-post
বিদ্যুতৰ খুটা স্থাপনক কেন্দ্ৰ কৰি কচুৱাৰ ৰাঙলু বস্তিত উত্তেজনা

বঢ়মপুৰ,৮জুলাই: গাওঁখনৰ ২২টাকৈ পৰিয়ালে দীৰ্ঘ দিন ধৰি অতি বিপদ সংকুল ভাৱে তেওঁলোকৰ ঘৰলৈ বিদ্যুতৰ তাঁৰসমূহ টানি বিদ্যুৎ সেৱা গ্ৰহণ কৰি আহিছিল । গাঁওবাসীৰ এই দীৰ্ঘদিনীয়া অসুবিধাৰ কথা শক্তি বিভাগক অৱগত কৰি অহাৰ অন্তত অৱশেষত বিভাগটোৱে চৰকাৰৰ সৌভাগ্য আঁচনিৰ জড়িয়তে গাঁওখনৰ পথৰ কাষৰে এটা স্থানত বিদ্যুতৰ খুটা এটা স্থাপন কৰি পৰিয়াল সমূহক পূৰ্বৰ অসুবিধা আঁতৰাই বিপদমূক্ত ভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিয়ে ৷

কিন্তু সেই অঞ্চলৰে নিজাম উদ্দিন নামৰ এজন ব্যক্তিয়ে তেওঁৰ পট্টা মাটিত বিদ্যুতৰ খুটা স্থাপনৰ অভিযোগৰে সেই খুটা উঠাই নিবলৈ দাবী জনালে শক্তি বিভাগক ৷ এই লৈ বুধবাৰে নিজাম উদ্দিন আৰু গাঁওবাসীৰ মাজত সৃষ্টি হয় বাক যুদ্ধৰ ৷ নিজাম উদ্দিন নামৰ লোকজনে একাংশ গুণ্ডা প্ৰকৃতিৰ লোক নিয়োগ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰাৰো অভিযোগ তুলিলে গাঁওবাসীয়ে । অৱশ্যে একাংশ স্থানীয় লোকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ।

বিদ্যুতৰ খুটা স্থাপনক কেন্দ্ৰ কৰি কচুৱাৰ ৰাঙলু বস্তিত উত্তেজনা

উল্লেখযোগ্য যে, নতুনকৈ স্থাপন কৰা বিদুতৰ এই খুটাক লৈ পূৰ্বেও এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জনালে স্থানীয় লোকসকলে । ইতিমধ্যে বিষয়টো নিষ্পত্তিৰ বাবে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ লগতে স্থানীয় প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অন্যথা পৰৱৰ্তী সময়ত কোনো হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰো সন্দেহ কৰিছে স্থানীয় ৰাইজে।

বিদ্যুতৰ খুটা স্থাপনক কেন্দ্ৰ কৰি কচুৱাৰ ৰাঙলু বস্তিত উত্তেজনা

ABOUT THE AUTHOR

...view details