অসম

assam

By

Published : May 28, 2021, 4:39 PM IST

ETV Bharat / state

শালনা চাহ বাগিচাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

শালনা চাহ বাগিচাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ সপ্তাহৰ বিপৰীতে ১৫ দিনৰ মুৰত দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ক্ষোভিত বাগিচাৰ কৰ্মচাৰী ৷

tense-at-salna-tea-estate-regading-their-weekly-payment
শালনা চাহ বাগিচাৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি

কলিয়াবৰ, 28 মে': শালনা চাহ বাগিচাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ সাপ্তাহিক দৰমহা নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ উল্লেখ্য যে, কেইবা শতাধিক চাহ শ্ৰমিকে শুকুৰবাৰে পুৱাই বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি নিজৰ সাপ্তাহিক প্ৰাপ্য বিচাৰি উত্তপ্ত কৰি তোলে বাগিচাৰ কাৰ্যালয়ৰ চৌহদ ।

শালনা চাহ বাগিচাৰ পৰিচালক গৰাকীয়ে চাহ শ্ৰমিক সকলক সপ্তাহৰ বিপৰীতে ১৫ দিনৰ মুৰত দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই শ্ৰমিক সকলে এনে পৰিস্থিতিৰ সৃষ্টি কৰে ।

শালনা চাহ বাগিচাৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি

চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা অনুসৰি চাহ শ্ৰমিক সকলে ১১ বজাৰ লগে লগে কাম বন্ধ কৰাত পৰিয়াল চলিবলৈ বহু অসুবিধা সৃষ্টি হয় । তাৰ পাছতেই বাগিচাৰ পৰিচালক গৰাকীৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি শ্ৰমিক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ এটি দল উপস্থিত হোৱাতহে পৰিস্থিতি সাম কাটে । অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাঁও জিলা সমিতিয়ে বাগানৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা পূৰণ কৰিবৰ বাবে বাগিচাৰ মূখ্য পৰিচালক গৰাকীক এখন ষ্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ABOUT THE AUTHOR

...view details