নগাঁও,৩১ মে':এইবাৰ এনকাউণ্টাৰ বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ নগাঁৱৰ দুলাল বৰা নামৰ এজন লোকে (Temporary Employee of PWD protest in Nagaon) । নগাঁও লোক নিৰ্মাণ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰী দুলাল বৰা । নিজৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা, প্ৰতিবাদ কৰি বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল যদিও অৱশেষত স্থায়ী নহ'ল দুলাল বৰাৰ চাকৰি (Protest infront of Nagaon SP office) ।
এইজন লোকে আনকি চাকৰি নিয়মীয়াকৰণ নকৰিলে ইচ্ছামৃত্যু বিচাৰি চৰকাৰক আবেদন জনাইছিল (Appeal to government seeking euthanasia)। কিন্তু শেষ পৰ্যন্ত দুলাল বৰাৰ আশা আশা হৈয়েই থাকিল । শেষ মুহূৰ্তলৈকে পূৰণ নহ'ল দুলাল বৰাৰ কোনো দাবী । অৱশেষত চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ অৱসৰ গ্ৰহণৰ দিশে নগাঁৱৰ দুলাল বৰা । ৩১ মে' অৰ্থাৎ আজি দুলাল বৰাৰ অৱসৰৰ দিন । মনৰ আশা পূৰণ নহ'লেও আজিৰ দিনটোতে অৱসৰ গ্ৰহণ কৰিব লাগিব লোকনির্মাণ বিভাগৰ অস্থায়ী কৰ্মচাৰীজনে । যাৰ বাবে এতিয়া অৱসৰকালীন পেঞ্চনৰ দাবী জনাইছে দুলাল বৰাই ।