টেম্প’ চলাই খাবলৈ দিয়ক ন'হলে উগ্ৰপন্থী সংগঠনত যোগদান কৰিম !
নগাঁৱত এই ভাবুকি টেম্প’ চালকৰ । নতুন পথ নিৰ্দেশনাৰ বিৰুদ্ধে সোমবাৰে এনেদৰে প্ৰতিবাদ কৰে টেম্প’ চালকসকলে ৷
নগাঁও, 24 জুনঃ "টেম্প’ চলাই খাবলৈ দিয়ক ন'হলে উগ্ৰপন্থী সংগঠনত যোগদান কৰিম ।" নগাঁৱত এই ভাবুকি টেম্প’ চালকৰ । নতুন পথ নিৰ্দেশনাৰ বিৰুদ্ধে সোমবাৰে এনেদৰে প্ৰতিবাদ কৰে টেম্প’ চালকসকলে । উল্লেখ্য যে, নগাঁৱত প্ৰশাসনে টেম্প’ৰ বাবে জাৰি কৰা পথ নিৰ্দেশনাক লৈ ক্ষোভিত হৈ পৰিছে টেম্প’ চালকসকলক । বিশেষকৈ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ আদি অঞ্চললৈ যোৱা টেম্প’ চালকে টেম্প’ৰ চলাচল বন্ধ কৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন । টেম্প’ৰ চলাচল বন্ধ কৰি টেম্প’ চালকৰ হুংকাৰ । আমাক যদি টেম্প’ চলাই খাব নিদিয়ে তেন্তে উগ্ৰপন্থী সংগঠনলৈ যাবলৈ দিয়ক ।