হোজাই, 27 মে’ :হোজাই জিলাৰ ডবকাৰ আকাশীগংগা তপতজুৰি গাঁৱত দেখা গ’ল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । গাঁওখনৰ আদিবাসী সম্প্ৰদায়ৰ লোকক গণেশ মন্দিৰ নিৰ্মাণৰ বাবে সকলো সহায় সহযোগিতা আগবঢ়ালে গাঁৱখনৰেই ইছলামধৰ্মী লোকসকলে ৷ তপতজুৰি গাঁৱৰ এডোখৰ ভূমিত বহুপূৰ্বৰে পৰা এটা মন্দিৰ আছিল ৷ গাঁওখনৰ প্ৰায় সংখ্যক লোক দুখীয়া হোৱা হেতুকে কামৰ বাবে বাহিৰলৈ গৈছিল ৷ এই সময়ত মন্দিৰটো চোৱাচিতাৰ অভাৱত জহিখহি জৰাজীৰ্ণ ৰূপ লয় ৷ পাছত এটা দুষ্টচক্ৰই মন্দিৰৰ মাটিডৰা গোপনে কোনো লোকক বিক্ৰী কৰাৰ যো-জা চলায় ৷ এই কথা গম পাই গাঁৱৰ আদিবাসী ৰাইজে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে আকাশীগংগা আঞ্চলিক আমছুক অৱগত কৰে । সকলো লোক একত্ৰিত হৈ আলোচনা কৰি উক্ত দুষ্ট চক্ৰৰ এনে দুষ্কাৰ্যক গৰিহণা দিয়াৰ লগতে হাতে কামে লাগি পুনৰ মন্দিৰটো নিৰ্মাণৰ ব্যৱস্থা কৰে ৷
সম্প্ৰীতিৰ অনন্য নিদৰ্শন: ইছলাম সম্প্ৰদায়ৰ সহযোগত নিৰ্মাণ গণেশ মন্দিৰ - Ganesh temple
হালধীআটীৰ তপতজুৰি গাঁৱত একাংশ দুষ্ট চক্ৰই বহু পুৰণি মন্দিৰৰ ভূমি গোপনে বিক্ৰী কৰাৰ যো-জা চলায় ৷ এই কথা অৱগত হোৱাৰ পাছতেই গাঁওখনৰ হিন্দু সম্প্ৰদায়ৰ লোকে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগত একত্ৰিত হৈ নিৰ্মাণ কৰে আদিবাসী সম্প্ৰদায়ৰ মন্দিৰটো ।
তপতজুৰি গাঁৱৰ সকলো হিন্দু-ইছলাম ধৰ্মালম্বীলোকে একত্ৰিত হৈ নিৰ্মাণ কৰিলে আদিবাসী সম্প্ৰদায়ৰ মন্দিৰটো । এই মন্দিৰ নিৰ্মাণ কৰাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকও দান বৰঙণি আগবঢ়ায় । কেৱল বৰঙণিয়েই নহয়, গাঁওখনৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে নিজে হাতে কামে লাগি সাজি দিয়ে আদিবাসী সম্প্ৰদায়ৰ মন্দিৰটো । একাংশ লোকে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই শান্তি সম্প্ৰিতি বিনষ্ট কৰাৰ অপচেষ্টাত লিপ্ত হোৱা সময়তে হিন্দু-ইছলাম ধৰ্মাৱলম্বীৰ লোকে একত্ৰিত হৈ হিন্দু মুছলমানৰ মিলনভূমিত পৰিণত কৰিলে হালধীআটীৰ তপতজুৰি গাঁও ।
লগতে পঢ়ক :বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস'