অসম

assam

ETV Bharat / state

অভাৱেই আৱিষ্কাৰৰ মূল : শিক্ষকৰ অভাৱত ম’বাইল ফোনত ৰেকৰ্ড কৰি চৰকাৰী বিদ্যালয়ত পাঠদান

গুণোৎসৱৰো যেন কোনো ফল নাপালে নগাঁৱৰ বটদ্ৰৱাৰ এখন বিদ্যালয়ে । বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক । শিক্ষকৰ অভাৱত ম’বাইল ফোনত ৰেকৰ্ড কৰি পাঠদান বিদ্যালয়খনৰ শিক্ষকৰ । অভাৱতেই যেন আৱিষ্কাৰ হ’ল ডিজিটেল পাঠদান (Digital teaching in Nagaon)।

By

Published : Sep 24, 2022, 6:49 PM IST

Digital teaching in Nagaon
শিক্ষকৰ অভাৱত ম’বাইল ফোনত ৰেকৰ্ড কৰি চৰকাৰী বিদ্যালয়ত পাঠদান

নগাঁও, 24 ছেপ্টেম্বৰ : চৰকাৰী শিক্ষাখণ্ডৰ সংস্কাৰৰ জয়গান অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে এখন ডিজিটেল বিদ্যালয় (Digital School in Nagaon) । ডিজিটেল বিদ্যালয় মানে অত্যাধুনিক ডিজিটেল বিদ্যালয় নহয় । আচলতে বিদ্যালয়খনত অভাৱতেই যেন আবিষ্কাৰ হ’ল ডিজিটেল পাঠদানৰ ।

অভাৱ শিক্ষকৰ । চৰকাৰী খণ্ডৰ বিদ্যালয়খন হৈছে নগাঁৱৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অধীনৰ সোণশেৰী ৰূপজ্যোতি মুক্তাৱ বিদ্যালয় (Digital teaching in Nagaon) । বিদ্যালয়খনৰ পাঁচটাকৈ শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 235 গৰাকী । 5 টা শ্ৰেণীৰ 235 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ চাৰিগৰাকী শিক্ষক ।

শিক্ষকৰ অভাৱত ম’বাইল ফোনত ৰেকৰ্ড কৰি চৰকাৰী বিদ্যালয়ত পাঠদান

চাৰিগৰাকী শিক্ষকে পাঁচটাটাকৈ শ্ৰেণীৰ মুঠ 235 গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাটো অসম্ভৱ হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষকসকলৰ বাবে (Lack of teachers at Government school in Nagaon) । যাৰ বাবেই এক অভিনৱ পদ্ধতিৰে পাঠদান আৰম্ভ কৰিবলগীয়া হৈছে বিদ্যালয়খনৰ শিক্ষকৰ । পৰ্যপ্ত শিক্ষকৰ অভাৱত ম’বাইল ফোনত ৰেকৰ্ড কৰি পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলৰ ।

ম’বাইল ফোনত ৰেকৰ্ড কৰি শ্ৰেণীকোঠাত বজাই পাঠদান কৰিছে বটদ্ৰৱাৰ সোণশেৰী ৰূপজ্যোতি মুক্তাৱ বিদ্যালয়ৰ শিক্ষকে । পৰ্যাপ্ত শিক্ষক নাথাকিলেও ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত এইদৰে বিদ্যালয়খনত পাঠদান কৰা শিক্ষকসকল এতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে স্থানীয় লোকৰ লগতে অভিভাৱকসকলৰ ।

উল্লেখযোগ্য যে, চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি, শিক্ষককে ধৰি অন্যান্য অভাৱসমূহৰ বুজ লৈ সেইসমূহ সমাধানৰ উদ্দেশ্যেই চৰকাৰে গুণোৎসৱৰ আয়োজন কৰিছিল ৷ কিন্তু বটদ্ৰৱাৰ এইখন বিদ্যালয়ত গুণোৎসৱৰ যেন কোনো ফলেই লাভ নকৰিলে ।

আনকি আজিও বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে অতিৰিক্ত শিক্ষক নিয়োজিত হৈ থকাৰ বিপৰীতে বটদ্ৰৱাৰ এইখন বিদ্যালয়ত শিক্ষকৰ অভাৱে বাৰুকৈয়ে সমস্যাত পেলাইছে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীক ।

লগতে পঢ়ক :ডিজিটেল মাধ্যমত পাঠদান দিয়া কলিয়াবৰৰ এখন চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details